/asomiyapratidin/media/media_files/2025/08/05/sdsadsa-2025-08-05-08-10-55.jpg)
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। লালকিল্লাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বৃহৎ গাফিলতি দেখিবলৈ পোৱা গৈছে। স্বাধীনতা দিৱসৰ পূৰ্বে ম’ক ড্ৰিলৰ সময়ত এটা বোমা (dummy bomb) লৈ দিল্লী আৰক্ষীৰ বিশেষ দল লালকিল্লাত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
ইয়াৰ পাছতে নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি ৰখাৰ বাবে কৰ্তব্যত নিয়োজিত ৭ জন আৰক্ষীক তৎকালীনভাৱে নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে, ১৫ আগষ্টৰ পূৰ্বে নিৰাপত্তাৰ ব্যৱস্থা পৰীক্ষা কৰিবলৈ এয়া এক অনুশীলন চলোৱা হৈছিল।
ইফালে, সোমবাৰেও অবৈধভাৱে লালকিল্লাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰা পৰিছিল পাঁচজন বাংলাদেশী। তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে ভুৱা আধাৰ কাৰ্ড। আৰক্ষীয়ে বাংলাদেশী নাগৰিকক ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰিছে। এতিয়া ১৫ আগষ্টৰ পৰিপ্ৰেক্ষিতত লালকিল্লাত নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক বৃদ্ধি কৰা হৈছে।