/asomiyapratidin/media/media_files/2025/04/18/XAvAo3G8ledlTJXavYIE.jpg)
ডিজিটেল ডেস্ক : দেশৰ বিদ্যুৎ চালিত বাহন নিৰ্মাণ কৰা কোম্পানীসমূহৰ বাবে সুখবৰ। ২০২৪- ২৫ বিত্তীয় বৰ্ষত ভাৰতত ২০ লাখৰো অধিক বৈদ্যুতিক বাহন বিক্ৰী হৈছে। তাৰোপৰি ই এক অভিলেখ স্থাপন কৰিবলৈও সক্ষম হৈছে। এক কথা সদৰী কৰিছে অগ্ৰণী সংস্থা জে এম কে ৰিচাৰ্চে।
সংস্থাটোৱে প্ৰকাশ কৰা বাৰ্ষিক ইণ্ডিয়া ই ভি ৰিপ’ৰ্ট কাৰ্ড - ২০২৫ বিত্তীয় বৰ্ষৰ মতে, ২০২৪–২৫ বিত্তীয় বৰ্ষৰ শেষলৈকে ভাৰতত ক্ৰমবৰ্ধমান বৈদ্যুতিক বাহনৰ বিক্ৰী ৬১.৬৬ লাখ ইউনিটত উপনীত হয়। বছৰটোত ২০ লাখৰো অধিক বাহন বিক্ৰী হৈছে।
লগতে উল্লেখ কৰে যে, বৈদ্যুতিক বাহনৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ বৃদ্ধি হৈছে। যাৰ বাবে বৈদ্যুতিক বাহনৰ চাহিদা বৃদ্ধি পাইছে।
একেদৰে চাৰিচকীয়া বাহনৰ উপৰি দুচকীয়া বিদ্যুৎ চালিত বাহনৰ প্ৰতিও গ্ৰাহকৰ আগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে। যাৰ বাবে চলিত বিত্তীয় বৰ্ষত ৫০ শতাংশতকৈ অধিক দুচকীয়া বাহন বিক্ৰী হৈছে।