ভাৰতীয় খাদ্য নিগমে কৃষকৰ পৰা চলিত বৰ্ষত সৰ্বাধিক ধান ক্ৰয় কৰি অভিলেখ সৃষ্টি...

ধান ক্ৰয়ৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰাৰ কথা ঘোষণা এফ চি আই নগাঁও মাণ্ডলিক কাৰ্যালয়ৰ

author-image
Asomiya Pratidin
New Update
ভাৰতীয় খাদ্য নিগমে কৃষকৰ পৰা চলিত বৰ্ষত সৰ্বাধিক ধান ক্ৰয় কৰি অভিলেখ সৃষ্টি...

FCI NAGAON

ডিজিটেল সংবাদ,নগাঁওঃ ভাৰতীয় খাদ্য নিগমে নগাঁও জিলাৰ কৃষকৰ সকলৰ পৰা চলিত বৰ্ষত সৰ্বাধিক ধান ক্ৰয় কৰি অভিলেখ সৃষ্টি কৰিছে। বিগত ২০২০-২১ বৰ্ষত খাদ্য নিগমে ১৩৬ কোটি টকাৰে জিলাখনৰ ৬৪১৬ গৰাকী কৃষকৰ পৰা ধান ক্ৰয় কৰিছিল ৷

Advertisment

তাৰ বিপৰীতে ২০২১-২০২২ ৰ ২২ চেপ্তেম্বৰলৈকে ২৪৪ কোটি টকাৰে নগাঁও জিলাৰ ১৩,৭৫৪ গৰাকী কৃষকৰ পৰা ভাৰতীয় খাদ্য নিগমে ধান ক্ৰয় কৰি অভিলেখ সৃষ্টি কৰিছে। ধান ক্ৰয়ৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰাৰ কথা ঘোষণা কৰিছে এফ চি আইৰ নগাঁৱ মাণ্ডলিক কাৰ্যালয়ে ৷

নগাঁও চহৰৰ সমীপৱৰ্তী শেনছোৱাস্থিত ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক কাৰ্যালয় প্ৰাঙ্গনত শণিবাৰে এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ৷ খাদ্য নিগমে প্ৰস্তুত কৰা উচ্চ প্ৰটিনযুক্ত চাউল যোগান আৰু ৰাইজৰ মাজত ইয়াৰ প্ৰসাৰ সন্দৰ্ভত সভাত বহলাই আলোচনা কৰে।

ইতিমধ্যে ৰাইজৰ পৰা সংগ্ৰহ কৰা ধানৰ পৰা উৎপাদিত চাউলেৰে নগাঁৱৰ ৰাইজৰ প্ৰয়োজন হোৱা মুঠ চাউলৰ ৪০ শতাংশ পূৰণ কৰা বুলি জানিবলৈ দিয়ে ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক প্ৰবন্ধক সন্দীপ গগৈয়ে ৷

উল্লেখযোগ্য যে উচ্চ প্ৰ'টিনযুক্ত চাউল উৎপাদন সম্পৰ্কে সজাগতামূলক কাৰ্যসূচীতে খাদ্য নিগমে প্ৰস্তুত কৰা চাউলত আইৰণ, প্ৰ'টিন আৰু ভিটামিন ডি-১২ ৰ ব্যৱহাৰ সন্দৰ্ভত পৰীক্ষামূলক প্ৰদৰ্শনো কৰা হয়।

নগাঁৱত অসমৰ ভিতৰতে সৰ্বাধিক কৃষক উপকৃত হোৱা বুলি নিগমে প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত নগাঁও জিলাৰ কৃষক সকলৰ পৰা আৰু অধিক ধান সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি বিষয়া বৰ্গই স্পষ্ট কৰে ৷

সভাত বিষয়া ইন্দ্ৰ নাথ বাৰ্মা, সন্দিপ কুমাৰ গগৈ,পূৰ্ব জ্যোতি হাজৰিকা,চন্দন দাস, সৌৰভ কুমাৰ হাজৰিকা ,আবেদুৰ ৰহমান আদি উপস্থিত থাকে ৷

assam agriculture FCI