/asomiyapratidin/media/media_files/2025/03/20/tWT6eTBBNhSU20HBDXzI.jpg)
ডিজিটেল সংবাদ, নাজিৰা : নাজিৰাৰ গেলেকীৰ ন-পুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু নাহৰগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনত বৃহস্পতিবাৰে 'ক' শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এদিনীয়া পঠন আৰু লিখনৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলৰ পঠন আৰু লিখনৰ দক্ষতা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই কৰ্মশালাৰ উদ্বোধন কৰে ন-পুখুৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক কুমুদ কলিতাই।
কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে শিমলুগুৰি শাখা সাহিত্য সভাৰ সভানেত্ৰী ইলা মহন আৰু নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সংগীতা গগৈয়ে। আনহাতে ন-পুখুৰী শাখা সাহিত্য সভাৰ এই উদ্যোগৰ শলাগ লয় অভিভাৱক অভিভাৱিকাসকলে।