/asomiyapratidin/media/media_files/2025/02/16/6P48gcHkFFmzSlBfAyWE.jpg)
সাংসদ ৰকিবুল হুছেইনৰ বাইক ৰেলীক লৈ প্ৰতিক্ৰিয়া
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে দেওবাৰে গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুছ ছোবহান আলী সৰকাৰক লগত লৈ জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ সৈতে সমষ্টিটোৰ পৰা উলিওৱা এক বাইক ৰেলীক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত ৰাষ্ট্ৰৰ একেখন আইনক লৈ অসম আৰক্ষীৰ ভিন্ন ভিন্ন স্থিতিক লৈও ৰাইজৰ মাজত আজি চৰ্চা হোৱা দেখা গৈছে।
/asomiyapratidin/media/media_files/2025/02/16/1XHpSt5MFx9YXDNNMyfk.jpg)
আজি কংগ্ৰেছৰ উক্ত বাইক ৰেলীত সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক আব্দুছ ছোবহান আলী সৰকাৰৰ লগতে একাংশ কংগ্ৰেছৰ কৰ্মকৰ্তাই যান-বাহন আইন উলঙ্ঘন কৰি হেলমেট নিপিন্ধাকৈ বাইক-স্কুটি চলাই ৰেলী কৰা দেখা গৈছে। উক্ত ৰেলীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে ।
কিন্তু অধিকাংশৰে মূৰত নাই হেলমেট। হেলমেট পৰিধান নকৰিলেও কংগ্ৰেছৰ নেতা-কৰ্মীক ৰেলীত অসম আৰক্ষীয়ে এছকোৰ্ট দিয়াও পৰিলক্ষিত হৈছে ।
/asomiyapratidin/media/media_files/2025/02/16/Eem62EoDX7fnSIC4vS4a.jpg)
এই সন্দৰ্ভত আজি স্থানীয় ৰাইজ আৰু দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, সাধাৰণ ৰাইজে হেলমেট পৰিধান নকৰিলে আৰক্ষীয়ে জৰিমনা বিহে কিন্তু সাংসদ আৰু আৰু বিধায়কে হেলমেট নিপিন্ধিলে আৰক্ষীৰ চকুত নপৰে। আৰক্ষীৰ এই ভূমিকাকলৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আফজালুৰ ৰহমানে । সংগঠনটোৰ সভাপতিগৰাকীয়ে শীঘ্ৰেই যান বাহন আইন উলঙ্ঘনৰ অভিযোগত জৰিমনা বিহিবলৈ দাবী উত্থাপন কৰে।