/asomiyapratidin/media/media_files/2025/07/13/396-2025-07-13-19-32-30.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ : ফোনযোগে বালিগাঁৱৰ এটা নেপালী পৰিয়ালক ঘৰ-বাৰী এৰি যাবলৈ ভাবুকি দিয়াৰ অভিযোগ উঠিছে বিশ্বনাথ জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ বিৰুদ্ধে। গোপাল শৰ্মা নামৰ লোকজনক আয়ুক্তগৰাকীয়ে ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
জিলা আয়ুক্তগৰাকীৰ ফোনকল ভাইৰেল হোৱাত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বালিজানৰ গোৰ্গা সম্প্ৰদায়ৰ লোকসকলে। তাৰোপৰি এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল গোৰ্খা ছাত্ৰ সন্থাই। শেহতীয়াকৈ এই সন্দৰ্ভত মুখ খুলিছে বিশ্বনাথ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই।
আয়ুক্তগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- “মিচিং লোকৰ ম্যাদি পট্টাৰ মাটি কোনোবাই বেদখল কৰিলে আমি জিলাৰ প্ৰশাসনিক বিষয়া হিচাপে চকু মুদি চাই থাকিম নেকি ? তেওঁলোকক বহুবাৰ বুজাইছো যে আপোনালোকে মিমাংসা কৰি লওক বা বেচা কিনা কৰি লওক। মই তেওঁলোকক ক’লো বুলিয়ে কোনোবা অৰ্গেনাইচন আহি ওলোটাই মোৰ বিৰুদ্ধে কথা ক’লে বিষয়বোৰ সমাধানটো নহ’ব।“
তেওঁ আৰু কয়- “গোৰ্খা অৰ্গেনাইজেচনে তেওঁলোকক বুজাবহে লাগিছিল যে, আপোনালোকে বেলেগৰ ম্যাদি মাটি দখল কৰি আছে। আপোনালোকে কিনা বিকা কৰি লওক নহ’লে মকামিলা কৰি লওক। প্ৰকৃত মাটিৰ মালিকে আয়ুক্তগৰাকীক কৈছে যে, বেদখলকাৰীয়ে কৈছে কোন আয়ুক্ত, আয়ুক্তই কি কৰিব পাৰিব , মই মাটি দখল কৰিয়ে থাকিম ইত্যাদি। সেইবোৰটো আমি চাই থাকিব নোৱাৰো। সেয়েহে চলিত মাহৰ ২৮ তাৰিখে চক্ৰ বিষয়াৰ কাৰ্যলয়ত দুয়ো পক্ষক মাতি বিষয়টো নিষ্পত্তি কৰিবলৈ কৈছো, আশা কৰিছো বিষয়টো নিষ্পত্তি হ’ব।
মই উদ্দেশ্যপ্ৰণিতভাৱে কোনো সম্প্ৰদায়ৰ বিষয়ে কোৱা নাছিলো। তেওঁলোক যদি সচাকৈয়ে অসমৰ বাসিন্দা হয়, তেনেহ’লে তেনেকুৱা কেতিয়াও লোকৰ মাটি বেদখল কৰিব নাহে।“