ডিজিটেল ডেস্কঃ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈ অকালতে প্ৰাণ হেৰুওৱা অধিবক্তা মৃদুল ইছলামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰা ৰাজভৱন যাত্ৰা কাৰ্যসূচীত আৰক্ষীয়ে চলোৱা বৰ্বৰতাৰ তীব্ৰ নিন্দা প্ৰকাশ কৰে আম আদমী পাৰ্টিয়ে । এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰি চলোৱা আতিশয্যৰ তীব্ৰ গৰিহণা দিয়ে।
চৰকাৰী দমন নীতিৰ বিৰুদ্ধে সৰৱ হৈ ধানোৱাৰে কয়, " এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বিৰোধী ৰাজনৈতিক দল আৰু নাগৰিকৰ প্ৰতিবাদ, আন্দোলনৰ অধিকাৰ আছে। চৰকাৰৰ ভেৰনীয়া বাহিনীয়ে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলাই এজন উদীয়মান যুৱ নেতাক হত্যা কৰিলে। আমি এই বৰ্বৰতাৰ তীব্ৰ নিন্দা কৰিছোঁ । এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ। তদুপৰি আৰক্ষীৰ নিৰ্যাতনত প্ৰতিবাদস্থলীত একাংশ সংবাদকৰ্মীও আহত হৈছে। সংবাদ কৰ্মী সকলৰ প্ৰতিও এই চৰকাৰে ভাবুকিৰ সৃষ্টি কৰিছে। এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বহিঃপ্ৰকাশ। চৰকাৰে গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত। "