/asomiyapratidin/media/media_files/2024/12/16/qUMcE0fZRLLTqWQUgPPC.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ কচুৱা আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে । আৰক্ষীয়ে জব্দ কৰা গৰু গাড়ী আৰু আটক কৰা লোকক এৰি দিয়াৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিছে সংগঠনটোৰ নেতাই ।
উল্লেখ্য যে শনিবাৰে নিশা নগাঁৱৰ কচুৱাত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল । অভিযান কালত কচুৱা আৰক্ষীয়ে ৯ খনকৈ গৰু ভৰ্তি টাটা ম'বাইল জব্দ কৰাৰ লগতে ১৮ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছিল । ৯ খনকৈ বাহনত জব্দ কৰা গৰুৰ সংখ্যা আছিল প্ৰায় ১০৮ টা।
ৰহস্যজনক ভাৱে আৰক্ষীয়ে জব্দ কৰা গৰুগাড়ী আৰু আটক কৰা লোকক এৰি দিয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংখ্যালঘু সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক শ্বহিদুল ইছলামে ।
উল্লেখ্য যে যি সময়ত চৰকাৰে ৰাজ্যখনত গো-মাংস নিষিদ্ধ কৰিছে তেনে সময়তেই নগাঁও জিলাৰ কচুৱাৰ মাজৰে পশ্চিম কাৰ্বি আংলং হৈ মেঘালয়লৈ গৰু সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰিছে শ্বহিদুল ইছলামে ।
এনেদৰে গৰু সৰবৰাহ কৰা আৰু আৰক্ষীয়ে কিয় জব্দ কৰা গৰু আৰু লোক সকলক এৰি দিলে তাৰ এক উচিত তদন্তৰ দাবী কৰিছে সংগঠনটোৰ নেতৃত্বই ।