/asomiyapratidin/media/media_files/2025/05/03/tQ76rbYFfHv0bnNDj8U4.jpg)
ঢকুৱাখনাৰ দুটা ভোটকেন্দ্ৰত পুনৰ হ'ব ভোটগ্ৰহণ
ডিজিটেল সংবাদ, ঢকুৱাখনা : নিৰ্বাচনী আইন উলংঘাৰ অভিযোগত ঢকুৱাখনা সমজিলাৰ দুটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত হ'ব । কিয়নো শুক্ৰবাৰে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ সময়ত এই দুটা কেন্দ্ৰত নিৰ্বাচনী বিধি উলংঘা কৰা হৈছিল ।
একাংশ ভোটাৰ বঞ্চিত হৈছিল সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা । এই সন্দৰ্ভত ঢকুৱাখনা সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাই জিলা আয়ুক্ত আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ অৱগত কৰিছিল শুক্ৰবাৰে নিশা । তাৰেই ফলশ্ৰুতিত শনিবাৰে এই সিদ্ধান্ত দোহাৰিছে নিৰ্বাচন আয়োগে ।
ঢকুৱাখনা সমজিলাৰ এই দুটা ভোটকেন্দ্ৰ ক্ৰমে ১৩ নং খেৰকটা পূব ঢকুৱাখনা মাতমৰা জিলা পৰিষদৰ ৭৬৪ নং বগৰীগুৰি প্ৰাথমিক বিদ্যালয়ৰ ৫ নং ৱাৰ্ড ভোটকেন্দ্ৰ আৰু ১৮ নং ডাংধৰা পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ খজুৱা ট্ৰাইবেল হাইস্কুল ৮নং ৱাৰ্ড ভোটকেন্দ্ৰত ৪ মে'ত পুনৰ ভোট গ্ৰহণ হ'ব ।
পুৱা ৭-৩০ বজাৰ পৰা ৪-৩০ বজালৈ ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত হ'ব । উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্তই নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগত এই দুটা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।