কাইলৈ মণিপুৰত পুনৰ ভোটগ্ৰহণ...

কাইলৈ মণিপুৰত পুনৰ ভোটগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
কাইলৈ মণিপুৰত পুনৰ ভোটগ্ৰহণ...

ডিজিটেল ডেস্কঃ অহা ২২এপ্ৰিলত মণিপুৰত পুনৰ অনুষ্ঠিত হব ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মণিপুৰত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ বাবে ৰাজ্যখনৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্যখনৰ নিৰ্বাচন আয়োগে অহা ২২এপ্ৰিলত পুনৰ ১১টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ থকাৰ মাজতে দুপৰীয়াভাগত ইম্ফলৰ খংমান জিলাত দুৰ্বৃত্তই হঠাতে গুলীয়াগুলি আৰম্ভ কৰি জনতাৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।  ইফালে, মণিপুৰৰ মইৰাং বিধানসভা খণ্ডৰ থামানপোকপিৰ এটা ভোটকেন্দ্ৰৰ সমীপতো দুৰ্বৃত্তৰ এটা দলে কেইবা ৰাউণ্ড গুলী চালনা কৰিছিল। এনেবোৰ বিক্ষিপ্ত ঘটনাৰ বাবে কেইবাটাও ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া ব্যাহত হৈছিল।

মণিপুৰ