/asomiyapratidin/media/media_files/2024/12/13/EF9LvGtRlaqwISPae2Xb.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে। ৰুছ ভাষা এটা ই-মেইল ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰি এই ভাবুকি প্ৰদান কৰিছে এক অজ্ঞাত চক্ৰই। এই ই-মেইল লাভ কৰাৰ পাছতে ৰিজাৰ্ভ বেংকৰ নিৰাপত্তা দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীক গোচৰ ৰুজু কৰাৰ পাছতে ক্ৰাইমে বাঞ্চে আৰম্ভ কৰিছে তদন্ত। অৱশ্যে কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ কৰি ভীতিগ্ৰস্ত কৰিবলৈ এনে ইমেইল প্ৰেৰণ কৰা বুলি সদৰি কৰিছে আৰক্ষীয়ে। অচিৰেই সেই দুষ্ট চক্ৰ আৰক্ষীৰ জালত পৰিব বুলিও সদৰি কৰিছে ক্ৰাইম বাঞ্চে।
ইয়াৰ পূৰ্বেও ৰিজাৰ্ভ বেংকক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল দুষ্ট চক্ৰই। যোৱা নৱেম্বৰ মাহতো এটা অজ্ঞাত ফোন নম্বৰৰ পৰা ফোন কৰি ৰিজাৰ্ভ বেংক উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল দুষ্ট চক্ৰই।