ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডাঙৰ ঘোষণা, শীঘ্ৰে জাৰি কৰিব ১০০ আৰু ২০০ টকীয়া নতুন নোট

পুৰণি ১০০ আৰু ২০০ টকীয়া নোট বৈধ হৈ থাকিব। এই নোট কোনো কাৰণতে সলনি কৰা নহ’ব বুলিও জানিবলৈ দিয়ে। নোটসমূহ অচিৰেই বেংক আৰু এটিএমত উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৰ্তৃপক্ষই । 

author-image
Asomiya Pratidin
New Update
আকৌ নতুন নোট

আকৌ নতুন নোট

ডিজিটেল ডেস্ক: ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে জাৰি কৰিব ১০০ আৰু ২০০ টকীয়া নতুন নোট। ভাৰতীয় ৰিজাৰ্ভ বেংকে ১০০ আৰু ২০০ টকীয়া নোট সন্দৰ্ভত বুধবাৰে কৰিলে এই ডাঙৰ ঘোষণা। অৱশ্যে নোটসমূহৰ ডিজাইনৰ কোনো পৰিৱৰ্তন নহ’ব। আৰ বি আইৰ সুত্ৰই সদৰী কৰা অনুসৰি,  এই নতুন নোটসমূহত গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থাকিব। বৰ্ধিত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত কাৰ্যভাৰ ত্যাগ কৰা শক্তিকান্ত দাসৰ ঠাইত ২০২৪ চনৰ ডিচেম্বৰ মাহত আৰ বি আইৰ গৱৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰিছিল সঞ্জয় মালহোত্ৰাই। উল্লেখযোগ্য যে, এইটো এটা স্বাভাৱিক পদ্ধতি, য’ত প্ৰতিজন নতুন গৱৰ্ণৰৰ স্বাক্ষৰ থকা নোট তেওঁৰ নিযুক্তিৰ পিছত জাৰি কৰা হয়।

ইফালে আৰ বি আইয়ে স্পষ্ট কৰি দিছে যে, পুৰণি ১০০ আৰু ২০০ টকীয়া নোট বৈধ হৈ থাকিব। এই নোট কোনো কাৰণতে সলনি কৰা নহ’ব বুলিও জানিবলৈ দিয়ে। নোটসমূহ অচিৰেই বেংক আৰু এটিএমত উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৰ্তৃপক্ষই । 

rupee indian rupee RBI