Advertisment

আধুনিক প্রযুক্তিৰে হাইড্ৰ'লিক কাৰ ৱাছিং চেন্টাৰ আৰম্ভ কৰি নিদৰ্শন দাঙি ধৰিছে ৰবীনাই

চৰকাৰী চাকৰিয়ে যে সকলো নহয় তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়ে ৷ উচ্চশিক্ষা গ্ৰহণ কৰা যুৱতীগৰাকীৰ নাম ৰবীনা বৰা। 

author-image
Asomiya Pratidin
New Update
raveena

raveena

ডিজিটেল সংবাদ, কাজিৰঙা : চৰকাৰী চাকৰিয়ে যে সকলো নহয় তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়ে ৷ উচ্চশিক্ষা গ্ৰহণ কৰা যুৱতীগৰাকীৰ নাম ৰবীনা বৰা। 

Advertisment

যুৱতীগৰাকীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে নৱপ্ৰজন্মক। উল্লেখযোগ্য যে কাজিৰঙাৰ পৰ্যটন কৰ্মী কৃষ্ণকান্ত বৰাৰ জীয়ৰী ৰবীনাই কাজিৰঙাতে আধুনিক প্রযুক্তিৰে আৰম্ভ কৰিছে হাইড্ৰ'লিক কাৰ ৱাছিং চেন্টাৰ। 

য'ত ৰবীনাই দৈনিক দুচকীয়া অথবা চাৰিচকীয়া বাহন পৰিষ্কাৰ কৰি উপাৰ্জন কৰিছে ১০ ৰ পৰা ১৫ হাজাৰকৈ টকা। ৰবীনাই জনোৱা অনুসৰি তেওঁ পূৰ্বতে বহিঃ ৰাজ্যৰ ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি পাৰ কৰিছিল জীৱন যুদ্ধৰ বহু ঘাত-প্ৰতিঘাত। দেখিছিল কৰ্মহীন অসমৰ যুৱক যুৱতীৰ বহিঃ ৰাজ্যলৈ ঢাপলি মেলাৰ প্ৰৱণতা।

বহিঃ ৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি কৰ্মহীন যুৱক যুৱতীক সংস্থাপনৰ বাট দেখুৱাই ৰবীনা বৰাই নিজৰ ঘৰতে আৰম্ভ কৰিলে জ'ই এণ্ড জ কাৰ ৱাছিং চেণ্টাৰ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান। প্ৰতিটো পৰ্যটন বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহে বহু দেশী- বিদেশী পৰ্যটক। 

ইয়াৰে বহু পৰ্যটকক কঢ়িয়াই অনা লঘু অথবা গধুৰ যান-বাহনসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ কাজিৰঙাত পূৰ্বতে নাছিল কোনো উন্নত মানৰ কাৰ ৱাছিং চেণ্টাৰৰ ব্যৱস্থা। ৰবীনা বৰাৰ এনে প্ৰচেষ্টাত এতিয়া শলাগ লৈছো বহুজনে। 

আনহাতে যুৱতী হৈও পুৰুষৰ সমানেই সৎ পথেৰে গাড়ী ধুই উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা। যাক দেখি অনুপ্ৰাণিত হৈছে বহুজন। বৰ্তমান সময়ত নিশ্চয়কৈ সকলোৰে বাবে এয়া হ'ব পাৰে এক আশাৰ ৰেঙনি...

kaziranga