ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ ৫টা সমষ্টিৰ বিভিন্ন স্থানত নতুন হিতাধিকাৰীৰ মাজত শনিবাৰে বিতৰণ কৰা হয় ৰেচন কাৰ্ড । নগাঁৱৰ নেহৰুৱালী খেলপথাৰত নগাঁও-বটদ্ৰবা সমষ্টিৰ নতুন ৰেচনকাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীৰ মাজত ৰেচনকাৰ্ড বিতৰণ কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকি নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে বহুকেইগৰাকী হিতাধিকাৰীক ৰেচনকাৰ্ড প্ৰদান কৰে ।
উল্লেখযোগ্য যে, নগাঁও-বটদ্ৰবা সমষ্টিত ৩১৫৫ খন নতুন ৰেচনকাৰ্ড প্ৰদানৰ জৰিয়তে ১৩৮১১ গৰাকী হিতাধিকাৰী উপকৃত হব ।
সমান্তৰালভাৱে জিলাখনৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বঢ়মপুৰ শ্বহীদ ভৱনত আয়োজিত নতুন ৰেচনকাৰ্ড প্ৰদান অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । এই অনুষ্ঠানত ৩৬৪৫ খন নতুন ৰেচনকাৰ্ড বিতৰণ কৰা হয় আৰু ইয়াৰদ্বাৰা ১৬০০০ গৰাকী হিতাধিকাৰী উপকৃত হ'ব ।
ইয়াৰ লগতে ৰহা বিধানসভা সমষ্টিৰ মহেন্দ্ৰ হাজৰিকা ভৱনত অনুষ্ঠিত সভাত ৩২৪১ খন নতুন ৰেচনকাৰ্ড প্ৰদান কৰা হয় আৰু ইয়াৰ ফলত ১৩২৬০ গৰাকী হিতাধিকাৰী উপকৃত হ'ব ।
তাৰোপৰি ধিং বিধানসভা সমষ্টিৰ জগন্নাথ মন্দিৰ মুকলি মঞ্চত অনুষ্ঠিত সভাত ২২০৭ খন নতুন ৰেচনকাৰ্ড প্ৰদান কৰা হয় আৰু ইয়াৰদ্বাৰা ৮৯৯১ গৰাকী হিতাধিকাৰী উপকৃত হ'ব ।
ৰূপহীহাট বিধানসভাৰ ৰূপহী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত ৩০২৪ খন নতুন ৰেচনকাৰ্ড প্ৰদান কৰা হয় আৰু ইয়াৰদ্বাৰা ১২,২০৪ গৰাকী হিতাধিকাৰী উপকৃত হ'ব । চামগুৰি বিধানসভা সমষ্টিৰ পশ্চিম লৰিমুখ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৩৪৭৪ খন নতুন ৰেচনকাৰ্ড প্ৰদান কৰা হয় আৰু ইয়াৰ ফলত ১৫৩৩৬ গৰাকী হিতাধিকাৰী উপকৃত হ’ব ।