ৰতন টাটাক পি এম কেয়াৰছৰ নতুন ট্ৰাষ্টী হিচাপে মনোনীত...

কে টি থমাছ, কাৰিয়া মুণ্ডাকো নতুন ট্ৰাষ্টী হিচাপে মনোনীত

author-image
Asomiya Pratidin
New Update
ৰতন টাটাক পি এম কেয়াৰছৰ নতুন ট্ৰাষ্টী হিচাপে মনোনীত...

ratan tata

ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ উদ্যোগপতি তথা সমাজসেৱক ৰতন টাটাক প্ৰধানমন্ত্ৰী নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতিত সকাহ পুঁজি চমুকৈ পি এম কেয়াৰছৰ নতুন সদস্য হিচাপে মনোনীত কৰা হৈছে। পি এম কেয়াৰছ ব'ৰ্ড অৱ ট্ৰাষ্টীৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Advertisment

উল্লেখ্য যে ৰতন টাটাৰ উপৰিও পি এম কেয়াৰছৰ সদস্য হিচাপে আন দুজন বিশিষ্ট ব্যক্তিকো মনোনীত কৰা হৈছে। তেওঁলোক ক্ৰমে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু প্ৰাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডা। মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নীৰ্মলা সীতাৰমণৰে গঠিত পি এম কেয়াৰছ ব'ৰ্ড অৱ ট্ৰাষ্টীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

আনহাতে ট্ৰাষ্টে পি এম কেয়াৰছক উপদেষ্টা মণ্ডলী গঠনৰ বাবেও তিনিগৰাকী ব্যক্তিৰ নাম মনোনীত কৰে। সেই তিনিগৰাকী ক্ৰমে ভাৰতৰ প্ৰাক্তন নিয়ন্ত্ৰক তথা মহানিৰীক্ষক ৰাজীৱ মহৰ্ষি, ইনফ'ছিছ ফাউণ্ডেশ্যনৰ প্ৰাক্তন অধ্যক্ষ সুধা মূৰ্তি আৰু টিচ ফৰ ইণ্ডিয়াৰ সহ প্ৰতিষ্ঠাপক তথা ইণ্ডিকৰ্পছ আৰু পিৰামল ফউণ্ডেশ্যনৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আনন্দ শ্বাহ।

pm care ratan tata