/asomiyapratidin/media/media_files/2024/11/13/2EyQkVOnt3dik9Jo7MEH.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়া :বিহপুৰীয়াৰ ঐতিহ্যমণ্ডিত বদতি জামুগুৰি নাট্য সমাজে ১৪ নবেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ৷ স্থানীয় শিল্পী কলা- কুশলীসকল সম্প্ৰতি ব্যস্ত হৈ পৰিছে ৰাসলীলাৰ প্ৰস্তুতিত ৷
উদ্যোক্তাই জনোৱা অনুসৰি প্ৰথম নিশা শিশু, কিশোৰ- কিশোৰীসকলে পৰৱেশ কৰিব ৰাসলীলা। একেদৰে দ্বিতীয় আৰু তৃতীয় নিশা স্থানীয় অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলে পৰিৱেশন কৰিব ৰাসলীলা। এই ৰাসলীলাৰ অন্তিম কাৰ্যসূচী কংস বধে’ৰে সামৰণি পৰিব বুলি উদ্যোক্তাই জনায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us