/asomiyapratidin/media/media_files/2025/02/16/9mvk4VpVRNTgnfCb3a50.jpg)
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত সামাজিক “সদ্ভাৱনা বৈঠক“
ডিজিটেল সংবাদ, তেজপুৰ : দেওবাৰে তেজপুৰৰ "বামপার্বতীয়াস্থিত ছহিদ ভূপেন ডেকা সোঁৱৰণী মঞ্চত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, শোণিতপুৰ জিলাৰ উদ্যোগত এক “সামাজিক সদ্ভাৱনা বৈঠক“ অনুষ্ঠিত কৰা হয় ৷ এই বৈঠকত জিলাখনৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধর্মীয় অনুষ্ঠানৰ মুৰব্বীসকল আৰু নামঘৰীয়া, সত্ৰাধিকাৰসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/02/16/IZC5pHUL0psXkjuJx910.jpg)
অনুষ্ঠানটো পৰিচালনা কৰে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ জিলা কার্য্যনিৰ্বাহক ড০ সঞ্জয় কুমাৰ ডেকাই ৷ অনুষ্ঠানটিত বিশিষ্ট অতিথি তথা মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাস্ত্রীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবাৰুৱা আৰু লগত থাকে জিলা সংঘচালক ডাঃ অতুল কুমাৰ কালিতা ৷
বুজৰবৰুৱাই ভাৰতীয় সংস্কৃতি আৰু সনাতন ধর্ম সম্পৰ্কে বহুমুলীয়া বক্তব্য প্ৰদান কৰাৰ পিছত প্রতিটো সংগঠনৰ মুৰব্বী সকলে নিজৰ নিজৰ মতামত দাঙি ধৰে। এইক্ষেত্রত বালিসত্র সত্রাধিকাৰ পূর্ণদা গোস্বামীয়ে শিশুসকলক বৰগীতসমূহৰ প্রশিক্ষণ দিয়াৰ প্রয়োজন আছে বুলি উল্লেখ কৰে।
শ্রীশ্রী ৰূপনাৰায়ণ সত্রৰ সত্ৰাধিকাৰ জয়ন্ত মহন্তদেৱে আমাৰ অসমীয়া সমাজ পাশ্চাত্যৰ কবলত পৰি পোচাক পৰিধান, আৰু খাদ্যাভাস আদিত অপসংস্কৃতিৰ প্রভাৱ পৰা বুলি আক্ষেপ কৰে । লগতে তেওঁ কয় যে সমাজৰ দুঃখীয়া শ্ৰেণীটোক নানান সমস্যাৰ সুযোগ লৈ এচামে ধর্মান্তৰিত কৰিবলৈ বাধ্য কৰায়।
আনহাতে বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শর্মাই তেওঁৰ বহুমূলীয়া মন্তব্যত কয় যে ঘৰখনেই হ’ল শিক্ষাৰ স্থল ৷ আজিকালি পিতৃ-মাতৃয়ে নিজৰ সন্তানক কেৱল নম্বৰৰ ওপৰতহে গুৰুত্ব দিবলে অনুপ্রাণিত কৰে, কিন্তু প্রতিখন ঘৰেই যদি আদর্শ ঘৰত পৰিনত হয় তেতিয়াহে আমাৰ সমাজ-সংস্কৃতি ৰক্ষা হ'ব বুলি মত প্রকাশ কৰে ৷
/asomiyapratidin/media/media_files/2025/02/16/8oQdReILpUl0ioPXiuQL.jpg)
ৰাম-কৃষ্ণ সেৱাশ্রমৰ সভাপতি সুদীপ্ত মুখার্জীয়ে স্বামী বিবেকানন্দৰ উদাহৰণেৰে মুল্যবোধৰ শিক্ষাৰ দ্বাৰা অমীময়া জাতিক জাগৃত কৰি সমাজ সংস্কাৰৰ মত পোষণ কৰে। বাথৌ সমাজৰ প্রদীপ বড়োই বর্তমান দ্রুতগতিত বাঢ়ি যোৱা একক পৰিয়ালৰ ওপৰত বিৰূপ মন্তব্য কৰি তেওঁ কয় যে আমাৰ ভাৰতীয় সংস্কৃতি পৰিয়ালকেন্দ্রিক, সেয়েহে পৰিয়ালৰ-সদস্যৰ সংখ্যা বৃদ্ধি হোৱাটো ধনাত্মক ইংগিত।
শ্রীমন্ত শংকাৰদেৱ সংঘৰ তেজপুৰ আঞ্চলিকৰ উপ-সভাপতি গজেন্দ্র কুমাৰ বৰাই তেওঁৰ মন্তব্যত কয় যে প্রতিটো উপাসনা পদ্ধতি বা ধর্ম পন্থাৰ বেলেগে বেলেগ ভাল ভাল গুণ থাকে ৷ সেয়েহে প্রত্যেকে প্রত্যেকৰ গুণসমূহক সম্মান জনাই একত্রিতভাৱে গাইগুটিয়া যুক্তিৰ বাবে কাম নকৰি সমাজৰ ভালৰ বাবে কাম কৰিব লাগে ৷
এনেদৰে প্রতিটো সংগঠনৰ মুৰব্বীসকলে নিজৰ নিজৰ মন্তব্য আগবঢ়ায়। আজিৰ এই সদ্ভাৱনা বৈঠকত "বিহু সুৰক্ষা মঞ্চকে ধৰি প্রায় ১৬ টা সংগঠনৰ প্রতিনিধি উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/02/16/7PNbJQlU1b3LVJdZpfPU.jpg)
সভাৰ শেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবৰুৱাই সকলোকে আহ্বান জনায় যে আমি কাকোৱে আৰ এছ এছ হ'বলৈ নকও, সকলোৱে কেৱল নিজৰ নিজৰ সংগঠনৰ জৰিয়তে নিজৰ নিজৰ পন্থাৰ জৰিয়তে সনাতন ধর্ম ৰক্ষাৰ লগতে ভাৰতীয় সংস্কৃতি বজাই ৰাখি-এখন সুস্থ সৱল সমাজ তৈয়াৰ কৰাৰ বাবে যত্নবান হওঁক ।
আজিৰ এই বৈঠকত বিভিন্ন আলোচনাৰ অন্তত কেইবাটাও প্ৰস্তাৱ সৰ্ব্বসম্মতিক্রমে গ্রহণ কৰা হয়-
১) সামাজিক পৰিবর্তনৰ মাজেৰে ৰাষ্ট্র নির্মাণ তথা সৱলীকৰণৰ বাবে শোণিতপুৰ জিলাত সামাজিক, সাংস্কৃতিক আৰু ধর্মীয় অনুষ্ঠানসমূহৰ প্রমুখসকলে দুই-তিনি মাহৰ অন্তৰে অন্তৰে মিলিত হৈ চিন্তা চৰ্চা আগবঢ়াব ৷
২) নিজৰ স্বাভিমান জাগ্ৰত কৰি স্বাভীমানী তথা স্বনিৰ্ভৰশীল এখন সমাজ গঢ়ি তোলা ৷
৩) সমাজত জৈৱিক কৃষিকৰ্মৰ বাবে সকলোকে উদগনি জগোৱা ৷
৪) অস্পৃশ্যতা নিৰ্মূলৰ বাবে সমুহীয়া প্ৰচেষ্টা চলোৱা ৷
৫) যুৱ প্ৰজন্মক কৃষি আৰু ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰি গঢ়ি তোলা আৰু স্ব-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰি তোলা ৷
৬) ধৰ্মান্তকৰণ সমস্যাৰ সম্পৰ্কে বিস্তৃত আলোচনা কৰি ধৰ্মান্তকৰণ ৰোধ কৰাৰ বাবে সমূহীয়াভাৱে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা ৷
সদৌ শেষত জিলা কাৰ্য্যনিৰ্বাহক ড০ সঞ্জয় কুমাৰ ডেকাই সকলো সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলৰ লগতে সমূহ বামপৰ্বতীয়া অঞ্চলৰ ৰাইজৰ প্ৰতি সলাগৰ শৰাই আগবঢ়াই শান্তি মন্ত্ৰৰে আজিৰ সামাজিক সদ্ভাৱনা বৈঠকৰ সামৰণি ঘটায় ৷