/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3091ec3b-ffdf-4f02-a09d-a28f442e42c4/rakh_28.jpg)
dhokuakhana
ডিজিটেল সংবাদ ঢকুৱাখনা: ঐতিহ্য পৰম্পৰা আৰু লোক কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণ ঘটা ভগবান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ মহা আয়োজনৰ উৎসৱমুখীতাই সমগ্ৰ ঢকুৱাখনা মহকুমাৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। মহকুমাটোৰ ঢকুৱাখনা, ঘিলামৰা আৰু সোনাৰী চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত অৰ্ধশতাধিক স্থানত শৰতৰ পূৰ্ণিমাত শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগি মঞ্চায়নৰ ব্যাপক প্ৰস্তুতি অব্যাহত আছে।
বিগত ৫টা দশক ধৰি নিৰন্তৰ ভাবে পৰম্পৰাগত শৈলীৰে এই ৰাস লীলা ভাগি অনুষ্ঠিত কৰি অহা পশ্চিম ঢকুৱাখনাৰ জালভাৰী নাট্য সমাজৰ উদ্যোগত পশ্চিম ঢকুৱাখনা ৰাজহুৱা ভৱন প্ৰাংগণত অহা ৭,৮ আৰু ৯ নৱেম্বৰত অনুষ্ঠিত কৰাৰ প্রস্তুতি তুংগত উঠিছে । চলিত বৰ্ষত সোণালী জয়ন্তী গৰকা এই ঐতিহ্য মণ্ডিত ৰাসলীলা মহোৎসৱৰ বৰ্ণিল ক্ষণৰ সতে ৰজিতা খুৱাই জালভাৰী নাট্য সমাজ আৰু সোণালী জয়ন্তী উদযাপন সমিতিয়ে গ্ৰহণ কৰিছে এলানি তিনি দিনীয়া বৰ্ণিল কাৰ্যসূচী ।
অহা ৭ নৱেম্বৰত শুভাৰম্ভ হ'ব লগা তিনি দিনীয়া ৰাস মহোৎসৱৰ সোণালী জয়ন্তীৰ পৰম্পৰাগত বিভিন্ন কাৰ্যসূচীৰ লগতে "সাম্প্ৰতিক সময়ত শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ প্ৰাসংগিকতা" শীৰ্ষক মনোজ্ঞ আলোচনা সত্ৰ , দ্বিতীয় দিনা "সমাজ ৰূপান্তৰত কলা সংস্কৃতিৰ প্ৰাসংগিকতা" শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ'ব।
মাজুলীৰ শ্ৰী শ্ৰী আউনীআতী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী, ড০ জুৰি দত্ত, সেৱক চুতীয়া, ড০ বনজিৎ ভট্ট, হৰেন শইকীয়া আদিয়ে অংশগ্ৰহণ কৰিব মুখ্য আলোচক আৰু আলোচক হিচাবে । স্মৃতি গ্ৰন্থ "স্বৰ্ণিল ৰাস ঘৰ" উন্মোচন, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন অনুষ্ঠানেৰে সোণালী জয়ন্তী বর্ষৰ বৰ্ণময় উদযাপনৰ কাৰ্যসূচী হাতত লোৱা জালভাৰী নাট্য সমাজে ৮আৰু ৯ নৱেম্বৰৰ নিশা অতিথি শিল্পী আৰু স্থানীয় শিল্পীৰ সমাহাৰেৰে শ্ৰী কৃষ্ণৰ ৰাস লীলা বিনামূলীয়া ভাবে প্রদর্শন কৰিব ।
তেনেদৰে ঢকুৱাখনা বালি গাঁও নাট্য মন্দিৰৰ উদ্যোগতো ৰাস লীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে । আগত ৭আৰু ৮নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিতব্য এই ৰাসলীলাৰ দুয়োটা দিনত বিশিষ্ট অভিনেতা অংশুমান ভূঞাই নাট্যাভিনয় কৰিব বুলি উদযাপন সমিতিয়ে জনাইছে ।
তদ্রুপ ভাবে ঘাৰমৰা নাট্য সংঘৰ উদ্যোগত সতী সাধনী ভৱনত ৭ আৰু ৯ নৱেম্বৰত , বিজয়পুৰ আঞ্চলিক নাট্য মন্দিৰত অহা ১০ আৰু ১১ নৱেম্বৰত, ঘিলামৰাৰ ঘাহি গাঁও নাট্য সমাজৰ উদ্যোগত ৬৮ সংখ্যক ৰাস মহোৎসৱ ভাগি স্থায়ী ৰাস মঞ্চত ৭আৰু ৮ নৱেম্বৰত অনুষ্ঠিত কৰিব বুলি সভাপতি ছন্দেশ্বৰ শইকীয়া আৰু সম্পাদক গকুল ভঁৰালীয়ে জনাইছে।
তেনেকৈ ঘিলামৰা পাঞ্চজন্য শিল্পী সমাজৰ উদ্যোগত ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত অহা ১১ নৱেম্বৰত এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰাসলীলা মহোৎসৱত অভিনেত্ৰী মেঘৰঞ্জনীয়ে ৰাধাৰ ভাওত আৰু মাজুলীৰ মুকুন্দ মাধৱে কৃষ্ণৰ ভাওত অভিনয় কৰিব বুলি সভাপতি শৈলেন দত্তই জনাইছে ।
মহকুমাটোৰ অৰ্ধ শতাধিক স্থানত অনুষ্ঠিতব্য এই ৰাস লীলাৰ ভিন্ন চৰিত্ৰৰ অনুশীলন , গোপ গোপী ,ৰাধা কৃষ্ণৰ ছন্দোময় বংশীবাদন আৰু গীত নৃত্যৰ মূৰ্ছনাই বিধৌত কৰি তুলিছে মহকুমাটোৰ আকাশ বতাহ ।