/asomiyapratidin/media/media_files/2025/03/08/grVNAp5V5YPNYYs0Qwjy.jpg)
বালিপৰাত দুষ্প্ৰাপ্য প্ৰজাতিৰ জহামাল উদ্ধাৰ
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ বালিপৰাত শনিবাৰে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ সৰু জহামাল উদ্ধাৰ হৈছে ৷ বালিপৰাৰ বালিগাঁৱৰ সুৰেন দাস নামৰ ব্যক্তিজনৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে দুষ্প্ৰাপ্য প্ৰজাতিৰ এই সৰু জহামালটো ৷
উল্লেখযোগ্য যে বহুদিন ধৰি ব্যক্তিজনৰ লগতে গাঁৱখনৰ হাঁহ, মুৰ্গী আদি খায় তহিলং কৰি আহিছিল এই সৰু জহামালটোৱে ৷ আজি সুৰেন দাস নামৰ লোকজনে এই জহামালটোক কৌশেলেৰে উদ্ধাৰ কৰি আমাৰিবাৰীস্থিত বন বিভাগৰ লোকৰ হাতত গতাই দিবলৈ সক্ষম হয় ৷