/asomiyapratidin/media/media_files/2025/06/09/ukKtFSe2ghGsztcSmGS5.jpg)
মঙলদৈত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ ১ নং গেৰিমাৰীত উদ্ধাৰ হৈছে বিৰল প্ৰজাতিৰ এটা কাছ। দেওবাৰে পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হয় কাছটো।
কুশল চন্দ্ৰ নাথ নামৰ আৰক্ষীৰ লোক এজনে কৰ্তব্য শেষ কৰি পুৱা ঘৰলৈ উভতি আহোতে পথৰ কাষত উদ্ধাৰ কৰিছিল কাছটো। চোৰাং চিকাৰীয়ে কাছটো কৰবালৈ নিবলৈ আহি আৰক্ষীৰ ভয়ত ৰাস্তাত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে, কাছটো উদ্ধাৰ হোৱাৰ ওচৰে পাজৰে নাছিল কোনো জলাসয় অথবা পিটনি। অৱশেষত কুশল চন্দ্ৰ নাথৰ লগতে স্থানীয় ৰাইজে মিলি খটৰা সত্ৰৰ পুখুৰীত সোমবাৰে মেলি দিয়ে উদ্ধাৰ হোৱা কাছটো।