/asomiyapratidin/media/media_files/2024/12/25/nZgrHDiVa6ObrQfdIP6K.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ যোৱা ২১ ডিচেম্বৰ দিনা চিৰাং জিলাৰ বেংতলৰ এজন যুৱকে দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ এটাক জীৱন্তে জুইত দি হত্যা কৰি পৈশাচিক তৃপ্তি লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিছিল আৰু সেই ভিডিঅ'ৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল ।
সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত চিৰাং জিলাৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে বেংতল অঞ্চলৰ সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কিন্তু আজি চিৰাং জিলাৰ বেংতল অঞ্চলতে পূৰ্বৰ নৃশংস ঘটনাৰ এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে ।
জানিব পৰা মতে বেংতলৰ সমীপৰ আই নৈৰ পাৰত বন্ধু বৰ্গৰ সৈতে বনভোজ খাবলৈ গৈ বেংতল বজাৰৰ ক্ষুদ্ৰ ব্যবসায়ী তথা প্ৰাক্তন আক্ৰাছু কৰ্মী প্ৰদীপ তালুকদাৰে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছক বিচৰণ কৰি থকা অৱস্থাত উদ্ধাৰ কৰে। অইন লোকৰ দৰে কাছটোক হত্যা কৰি ভক্ষন কৰাৰ বিপৰীতে বুধবাৰ পুৱাৰ ভাগত প্ৰদীপ তালুকদাৰে চিৰাঙৰ প্ৰকৃতিপ্ৰেমী সংবাদকৰ্মী জয়ন্ত দেবনাথৰ সৈতে যোগাযোগ কৰি উদ্ধাৰ কৰা কাছটোক বনবিভাগৰ হাতত গতাই দিয়াৰ কথা সদৰি কৰে ।
সেইমৰ্মে চিৰাং জিলাৰ বনবিভাগৰ অবৈতনিক বন্যপ্ৰাণী সংৰক্ষক তথা সংবাদ কৰ্মী জয়ন্ত দেবনাথে আজি সতীৰ্থ সংবাদ কৰ্মী সকলক লগত লৈ বেংতলত উপস্থিত হয় আৰু সংবাদ কৰ্মী সকলৰ উপস্থিতিত প্ৰদীপ তালুকদাৰে কাছটোক জয়ন্ত দেবনাথৰ হাতত হস্তান্তৰ কৰে । কাছটোক হস্তান্তৰ কৰি প্ৰদীপ তালুকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে কেইদিনমান আগতে সংবাদ মাধ্যমৰ জৰিয়তে দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱন্ত কাছ এটাক যিদৰে নিৰ্দয়ভাবে জুইত দি হত্যা কৰাৰ ভিডিঅ’ দেখি মৰ্মাহত হৈছিলোঁ। উক্ত ঘটনাটোৰ সৈতে আমাৰ বেংতলৰ নাম সাঙুৰ খোৱাত লজ্জিত হৈছিলোঁ ।
বেংতলৰ ক্ষুদ্ৰ ব্যৱসায়ী প্ৰদীপ তালুকদাৰৰ এই পদক্ষেপক সংবাদ মাধ্যমৰ লোকৰ লগতে বনবিভাগে ভূয়সী প্ৰশংসা আৰু ধন্যবাদ জ্ঞাপন কৰে । আজি সততে দেখিবলৈ নেপোৱা বন্যজীৱ জন্তু হত্যা কৰি ভক্ষন কৰাৰ মানসিকতাৰ পৰা দূৰত থাকি ভবিষ্যত প্ৰজন্মক দেখুৱাবলৈ এই দুষ্প্ৰাপ্য জীৱকূলক সংৰক্ষণ কৰাৰ বাবে সকলোকে আগুৱাই আহিবলৈ আহ্বান জনায় ।
সংবাদ কৰ্মী জয়ন্ত দেবনাথে পিছত চিৰাং বনসংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীৰ সৈতে যোগাযোগ কৰি কাছটোক ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ জচমানিক মুছাহাৰীৰ হাতত অৰ্পণ কৰে। বনবিভাগৰ পৰা কাছটোক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এৰি দিয়া হ'ব বুলি জনোৱা হৈছে। উল্লেখ্য যে মাত্ৰ পাঁচ দিনৰ ব্যৱধানত চিৰাং জিলাৰ বেংতলতে দুষ্প্ৰাপ্য কাছক কেন্দ্ৰ কৰি ঘটা দুটা পৃথক পৃথক ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ।