/asomiyapratidin/media/media_files/2025/02/18/K3wzcLblJt3xLnPTJr6T.jpg)
তেজপুৰত বিৰল প্ৰজাতিৰ জন্ত গ্ৰেটাৰ হগ বেজাৰ উদ্ধাৰ
ডিজিটেল সংবাদ, তেজপুৰ : জীৱ বৈচিত্ৰ্যৰ ভঁৰাল স্বৰূপ অসমৰ সেউজ বনাঞ্চলসমূহত বিগত দিন ধৰি জধে-মধে চলি অহা অবাধ বেদখল আৰু বন ধ্বংসযজ্ঞৰ ফলত জীৱ-জন্তৰ প্ৰতি গভীৰ সংকট নামি আহিছে। এনে সময়তে খাদ্য আৰু বাসস্থানৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা গ্ৰেটাৰ হগ বেজাৰ নামৰ এটা বিৰল প্ৰজাতিৰ জন্তু তেজপুৰৰ গ্ৰামাঞ্চলত উদ্ধাৰ হোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে তেজপুৰ চহৰৰ সমীপৰ যোৰগড়ৰ এখন পথাৰত সোমবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে কাহানিও নেদেখা এটা জন্তু দেখিবলৈ পায়। ইফালে এই কথা সমগ্ৰ অঞ্চলটোতে বিয়পি পৰাৰ পিছতে জন্তুটো চাবৰ কাৰণে শতাধিক লোক ওলাই আহে ।
এইক্ষেত্ৰত যোৰগড়ৰ পথাৰৰ পৰা কেইজনমান লোকে এজোপা বাহনিৰ কাষলৈ জন্তুটো ধৰি- বান্ধি আনা ৰাইজে দেখা পায়। ইয়াৰ পিছতে একাংশ প্ৰকৃতিপ্ৰেমী লোকে জন্তুটো বিৰল প্ৰজাতিৰ গ্ৰেটাৰ হগ বেজাৰ বুলি চিনি পাই লোক কেইজনৰ পৰা লগে লগে উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে।
সেই অনুসৰি বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ জন্তুটো গ্ৰেটাৰ হগ বেজাৰ বুলি নিশ্চিত কৰে। এইক্ষেত্ৰত যোৰগড়ৰ প্ৰকৃতিপ্ৰেমী ৰাইজে উদ্ধাৰ কৰা জন্তুটো বন বিভাগক চমজাই দিয়ে।
আনহাতে অঞ্চলটোৰ একাংশ লোকে জনোৱা মতে পুৱা জন্তুটোৱে যোৰগড়ৰ বহু লোকৰ ঘৰৰ ভিতৰে- বাহিৰে সোমাই ঘুৰি ফুৰাত আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল। পিছত তেজপুৰৰ বন বিভাগে বিৰল প্ৰজাতিৰ জন্তুটো উদ্ধাৰ কৰি ভোমোৰাগুৰি
সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।
উল্লেখ্য যে বন বিভাগে উদ্ধাৰ হোৱা জন্তুটো কাজিৰঙাৰ পৰাই খাদ্যৰ সন্ধানত ওলাই অহা বুলি সন্দেহ কৰিছে।
ইফালে দুষ্প্ৰাপ্য গ্ৰেটাৰ হগ বেজাৰটো উদ্ধাৰৰ হেতু যোৰগড়ৰ স্থানীয় লোকে গ্ৰহন কৰা পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে ।