/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/65ee2147-9fc7-4889-a720-45c69c11adf3/pahu_03.jpg)
guwahati
ডিজিটেল ডেস্কঃ ৰাজ্যৰ অন্যান্য পৰান্তৰ লগতে গুৱাহাটী মহানগৰতো এতিয়া তিয়া শাৰদীয় উৎসৱৰ আনন্দ-উল্লাসত মতলীয়া মহানাগৰীকসকল। সকলোতে কেৱল পূজাৰ ব্যস্ততা। এনে ব্যস্তাৰ মাজতেই আজি মহানগৰীৰ আজাৰাত দেখা গ'ল এক বিশেষ দৃশ্য।
কেইজনমান লোকে প্ৰত্যক্ষ কৰে এটা দুষ্প্ৰাপ্য কেঁটেলা পহু। স্থানীয় লোকসকলে পহুটোক আহত অৱস্থাত প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমী তথা সৰ্পবন্ধু হিচাপে পৰিচিত মিলু মেধি আৰু অভিজিত মেধিয়ে আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰা কেঁটেলা পহুটোক উদ্ধাৰ কৰে।
আনহাতে কেঁটেলা পহুটোক সেই স্থানত প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষী আৰু বন বিভাগকো খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আজাৰা আৰক্ষীৰ উপস্থিতিত বন বিভাগৰ এটা দলে কেঁটেলা পহুটোক চমজি লয়।
কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে বন বিভাগে কেঁটেলা পহুটো চমজিলৈ লৈযোৱাৰ সময়তে মৃত্যুমুখত পৰে। ইয়াৰ পিছতে বন বিভাগে কেঁটেলা পহুটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়।