/asomiyapratidin/media/media_files/2025/02/01/WnMfhVf0GiHW5weUwqJc.jpg)
ঢকুৱাখনাত দুষ্প্ৰাপ্য জহামালৌ উদ্ধাৰ
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘাৰমৰা গাঁৱত শনিবাৰে বিয়লি উদ্ধাৰ হৈছে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ জহা মালৌ । ঘাৰমৰা গাঁৱৰ জনবসতিপূৰ্ণ এলেকাত লগতে চাহ বাগানৰ মাজত ঘূৰি ফুৰা দেখি কুকুৰে খেদি খেদি আক্ৰমণৰ বাবে উদ্যত হয় এই জহা মালৌটোক ।
সচেতন স্থানীয় ৰাইজ আৰু ঘাৰমৰা গাঁওৰক্ষী বাহিনীয়ে প্ৰত্যক্ষ কৰি জহামালৌতো সাৱধানতাৰে নিৰীক্ষণ কৰি আবদ্ধ কৰে । পৰৱৰ্তী সময়ত গাঁওৰক্ষী বাহিনীৰ সভাপতি ভাস্কৰ শইকীয়া ,সদস্য হোমেন বৰুৱা , নোমল বৰুৱাই স্থানীয় ৰাইজৰ সহযোগত প্ৰাণীটোক সযতনে ধৰি ঢকুৱাখনা বন বিভাগক অৱগত কৰে ।
ইয়াৰ পাছতে বন বিভাগৰ এটা দল গৈ প্ৰাণীটো গাঁওৰক্ষী বাহিনীৰ পৰা উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্য্যালয়লৈ আনে । বন বিভাগৰ দলটোৱে উক্ত স্থানত উপস্থিত হৈ প্ৰাণীটো হস্তান্তৰ কৰাকলৈ অসৌজন্যমূলক আচৰণ প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰা মতে উক্ত জনবসতিপূর্ণ এলেকাত অৱস্থান কৰা এই সৰ্বভোজী স্তন্যপায়ী প্ৰাণীটো খাদ্যৰ সন্ধানত বাগানৰ মাজত আশ্ৰয় লৈছিল । দুষ্প্ৰাপ্য প্ৰজাতিৰ এই প্ৰাণীটো সম্প্ৰতি ঢকুৱাখনা বন বিভাগৰ কাৰ্যালয়ত সংৰক্ষণ কৰা হৈছে । পৰৱৰ্তী সময়ত বনাঞ্চলত মুকলি কৰি দিয়াৰ সম্ভাবনা আছে ।