/asomiyapratidin/media/media_files/2025/06/23/vxvcxvcv-2025-06-23-21-46-36.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ অসম-পশ্চিম বংগ সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়া আৰু কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ হৈ দুষ্ট চক্ৰই অসমৰ বনজ সম্পদকে ধৰি বিভিন্ন জীৱ-জন্তুৰ চোৰাং বেহা চলাই থকাৰ সময়তে এইবাৰ দুষ্ট চক্ৰৰ এটি দলে অতি দুস্প্ৰাপ্য সোণালী বান্দৰৰ চোৰাং বেহা চলাই থকাৰ ঘটনা পোহৰ লৈ আহিছে।
এটি বিশ্বস্ত সূত্ৰই সদৰী কৰা অনুসৰি, দুষ্ট চক্ৰৰ দলটোৱে অসমৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে অসম-পশ্চিম বংগ সীমান্তৰ ছাগলীয়া আৰু শ্ৰীৰামপুৰ এই দুটা আন্ত:ৰাজ্যিক সীমান্ত এলেকাৰ যিকোনো এটা আন্ত:ৰাজ্যিক সীমান্তৰে ছেগ বুজি দুস্প্ৰাপ্য সোণালী বান্দৰ পশ্চিম বংগলৈ লৈ গৈ এক ৰমৰমীয়া বেহা চলাই থকাৰ খবৰ পোৱা গৈছে। উল্লেখ যোগ্য যে, ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তত থকা ছাগলীয়া আৰু শ্ৰীৰামপুৰত আৰক্ষীৰ কটকটীয়া তালাচী চকী থকাৰ পিচতো দুষ্ট চক্ৰ টোৱে কেনেদৰে দুস্প্ৰাপ্য সোণালী বান্দৰ পশ্চিম বংগ লৈ গৈ চোৰাংকৈ পাৰ কৰি আছে তাক লৈও ধুবুৰীৰ প্ৰকৃতিপ্ৰেমী ৰাইজ উদ্বিগ্ন হৈ পৰা দেখা গৈছে।
শেহতীয়া খবৰ অনুসৰি, যোৱা ২১ জুন অৰ্থাৎ শনিবাৰে অসমৰ পৰা পশ্চিমবংগ লৈ যোৱা ডব্লিউ বি ০২ জেদ ৮৩৮২ আৰু ডব্লিউ বি ৫২ বি ই ১৭৮৬ নম্বৰৰ দুখনকৈ সৰু চাৰি চকীয়া বাহনত পশ্চিম বংগ আৰক্ষীয়ে তালাচী চলাইছিল। উক্ত চাৰিচকীয়া বাহন দুখন পশ্চিম বংগৰ মুৰ্শিদাবাদৰ বেলডাংগা অন্চল লৈ গৈ পোৱাত বাহন দুখনৰ গতি-বিধিক লৈ আৰক্ষীৰ সন্দেহ উপজিছিল। পিচত আৰক্ষীয়ে বাহন দুখনত তালাচী চলাওঁতে বাহন দুখনৰ পৰা বস্তাত বান্ধি থোৱা অৱস্থাত চাৰিটাকৈ দুস্প্ৰাপ্য সোণালী বান্দৰ উদ্ধাৰ কৰাৰ লগতে মুঠ ছয় জনকৈ ব্যক্তিক পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ধৃত ছয় জনকৈ ব্যক্তিক পিচত মিঠু দাস(৩৩), টিটু দাস(২৯), ছামিল হুছেইন বিশ্বাস(৩৯), ৰফিকুল মণ্ডল(২৯), হাছিবুল মণ্ডল(২৫) আৰু বিশ্বজিৎ বাঘ(২৩) বুলি চিনাক্ত কৰা হৈছে।
আনহাতে পশ্চিমবংগ আৰক্ষীয়ে পশ্চিমবংগৰ বন বিভাগক খবৰ কৰাত পশ্চিম বংগৰ বন বিভাগে উদ্ধাৰকৃত চাৰিটাকৈ দুস্প্ৰাপ্য সোণালী বান্দৰক পশ্চিমবংগৰ আলিপুৰস্থিত চিৰিয়াখানাত সযত্নে ৰাখিছে বুলি জানিব পৰা গৈছে। ইপিনে, পশ্চিমবংগৰ বন বিভাগে উদ্ধাৰকৃত দুস্প্ৰাপ্য সোণালী বান্দৰ কেইটাৰ সন্দৰ্ভত অসমৰ বন বিভাগক অৱগত কৰিছে নে নাই এই বিষয়ে বাতৰি লিখা পৰ লৈকে জানিব পৰা হোৱা নাই।
অসমৰ চাৰিখন জিলা বিশেষ কৈ কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ আৰু ধুবুৰীৰ কিছু অংশৰ লগতে ভূটান ৰাষ্ট্ৰৰ দক্ষিণ অংশৰ কিছু এলেকাত এই দুস্প্ৰাপ্য সোণালী বান্দৰৰ বিচৰণ থলি বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। এনে ক্ষেত্ৰত অসমৰ বনজ সম্পদৰ লগতে জীৱ-জন্তুৰ চোৰাং বেহাত জড়িত দুষ্ট চক্ৰ টোৱে দুস্প্ৰাপ্য সোণালী বান্দৰৰ চোৰাং বেহা চলাই যোৱাৰ ঘটনাত দুষ্ট চক্ৰটোৰ বিৰুদ্ধে অসম চৰকাৰ তথা বন বিভাগে কি কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াই এতিয়া লক্ষণীয় হৈ পৰিছে।