/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ
ডিজিটেল ডেস্ক: বিহালীৰ খেৰবাৰীত হোলীৰ আনন্দৰ মাজতে সংঘটিত হয় ধৰ্ষণ কাণ্ড। অভিযোগ অনুসৰি শুকুৰবাৰে দিনৰ প্ৰায় ২ মান বজাত খেৰবাৰী গাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীয়ে ওচৰৰে এখন চাহ বাগিচাত খৰি আনিবলৈ গৈছিল। সেইসময়ত একে গাঁৱৰে মৃদুল শীল নামৰ এজন যুৱকে বাগিছাত যুৱতীগৰাকীক অকলে পাই ধৰ্ষণ কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যুৱতী গৰাকীৰ আত্মীয়ই।
এই ঘটনাৰ খবৰ পাই জিনজীয়া আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও মৃদুল শীল পলাই যায়। আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ধৰ্ষিতা যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰাবলৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমানে আৰক্ষীৰ এটা দলে ধৰ্ষণ সংগঠিত কৰা যুৱক জনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।