কংগ্ৰেছৰ জিলা অধ্যক্ষৰ বিৰুদ্ধে মহিলা কৰ্মীৰ ধৰ্ষণৰ অভিযোগ…

কংগ্ৰেছৰ জিলা অধ্যক্ষৰ বিৰুদ্ধে মহিলা কৰ্মীৰ ধৰ্ষণৰ অভিযোগ…

author-image
asomiyapratidin
New Update
দুটা ৱেব প’ৰ্টেলৰ স্বত্বাধিকাৰক জেললৈ প্ৰেৰণঃ অভিযোগ অতি গুৰুতৰ…

ডিজিটেল ডেস্ক: তেলেংগানাৰ নাৰায়ণপেটৰ জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ। দলটোৰ এগৰাকী মহিলা কৰ্মীয়ে ধৰ্ষণ আৰু প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে লোক জনৰ বিৰুদ্ধে।

Advertisment

আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আটক কৰিছে অভিযুক্তক। আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তৰ নাম খুম্বল শিৱকুমাৰ ৰেড্ডী। ঘটনাৰ বিৱৰণী অনুসৰি শিৱকুমাৰ ৰেড্ডী পূৰ্ব বিবাহিত।

কিন্তু তেওঁ কংগ্ৰেছৰ মহিলা কৰ্মী গৰাকীক বিয়াৰ প্ৰলোভন দি আহিছিল। তাৰপাছতেই এদিন নিচাগ্ৰস্ত অৱস্থাত শিৱ কুমাৰ মহিলা গৰাকীৰ ঘৰলৈ আহি তেওঁৰ লগত শাৰীৰিক সম্বন্ধ স্থাপন কৰাৰ চেষ্টা কৰিছিল। মহিলা গৰাকীয়ে এই ক্ষেত্ৰত বাধা দিয়াত তেওঁক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰে।

মহিলা গৰাকীৰ মতে শিৱকমাৰে তেওঁৰ কেইবাবাৰো ধৰ্ষণ কৰিছে লগতে ভিডিঅ প্ৰস্তত কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

আৰু পঢ়ক: ভাল খবৰ! ১০০ টকাকৈ হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য…

rape telengana congress