/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/mk35kcrp/19.jpg)
ডিজিটেল সংবাদ,ওদালগুৰিঃ সোমবাৰে ওদালগুৰিত উপস্থিত হৈ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত-তথ্য আৰু যোগাযোগ প্ৰযুক্তি (STEM ICT)ৰ এটা নৱনিৰ্মিত পৰীক্ষাগাৰ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পৰীক্ষাগাৰটো উদ্ধোধন কৰি মন্ত্ৰী গৰাকীয়ে ইয়াৰ জড়িয়তে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ'ব বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/unwjrbkq/0cdafb44-4696-4b2a-9df3-32f87ac78079.jpg)
তেখেতে পৰীক্ষাগাৰটো উদ্বোধন কৰি ভিতৰত থকা বিভিন্ন বিজ্ঞান তথা প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত- তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সামগ্ৰীসমূহ পৰিদৰ্শন কৰে। ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ লগতে প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত- তথ্য আৰু যোগাযোগৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/7mr8rrek/f5ae68a4-a7d1-48c7-9a26-b2211840ae84.jpg)
ইয়াৰোপৰি তেখেতে ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাগাৰটোৰ জড়িয়তে আধুনিক সুবিধা লাভ কৰিব বুলিও মন্তব্য কৰে। ইফালে সাংবাদিকৰ সন্মুখত মন্তব্য কৰি মন্ত্ৰী ডাঃ পেগুৱে কয় যে "শিক্ষাৰ মাধ্যমিক পৰ্যায়ত এনে ধৰণৰ পৰীক্ষাগাৰৰ যথেষ্ট গুৰুত্ব আছে। ভাৰতৰ এক স্বেচ্ছাসেৱী সংগঠন হংস ফাউণ্ডেচনৰ পুজিৰে হোপ ফাউণ্ডেচনে অসমৰ তিনিখন জিলা ক্ৰমে বৰপেটা, বাক্সা আৰু ওদালগুৰিত একোটাকৈ এনে ধৰণৰ পৰীক্ষাগাৰ নিৰ্মাণ কৰা হৈছে। এই পৰীক্ষাগাৰৰ বাবে সংস্থাটোৱে একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিয়োগ কৰিছে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-12/9d54cf4z/54c6d6e6-3eab-415b-963d-97d731b7dfd1.jpg)
আজিৰ এই অনুষ্ঠানত বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী , ওদালগুৰিৰ জিলা আয়ুক্ত জাভিৰ ৰাহুল সুৰেশৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি কেইৱাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীসকল উপস্থিত থাকে।
Also Read: মহিলা চিকিৎসকক শাৰিৰীক নিৰ্যাতন আৰু হত্যা: শিলচৰত চিকিৎসকৰ প্ৰতিবাদ...