/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/ggn.jpg)
ডিজিটেল সংবাদ,নগাঁও: বৃহস্পতিবাৰে পুৱাতে খং উঠিল শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ৷ নগাঁৱৰ ডচন স্কুলত পুৱাতে উপস্থিত হৈছিল শিক্ষা মন্ত্ৰী ৷ বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰীজনে অধ্যক্ষক প্ৰশ্ন কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিয় ফলাফল ভাল হোৱা নাই ৷ অধ্যক্ষই দুখীয়া মানুহৰ ল'ৰা-ছোৱালীয়ে বিদ্যালয়খনত অধ্যয়ন কৰা বুলি কোৱাত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰী ৰনোজ পেগু ৷ ধমকৰ সুৰত অধ্যক্ষক ক'লে ননচেঞ্চ কথা কিছুমান নক'ব ৷দুখীয়া হ'লে মানুহৰ টেলেন্ট নাইকীয়া হয় নেকি ?
শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে ডচন স্কুলৰ অধ্যক্ষক ধমক দিবলৈ গৈ অধ্যক্ষৰ কন্যাক আক্ৰমন কৰিবলৈ নেৰিলে ৷ কিয়নো অধ্যক্ষজনৰ কন্যাই এই বেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় খ্ৰীষ্টজ্যোতিৰ পৰা ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিছিল ৷ মেধা ছাত্ৰী গৰাকীৰ কৃতকাৰ্যতাৰ বাবে অভিনন্দন জনোৱাৰ পৰিৱৰ্তে শিক্ষামন্ত্ৰীয়ে স্থান প্ৰাপক ছাত্ৰী গৰাকীক সাঙুৰি চৰকাৰী বিদ্যালয় ডচনৰ অধ্যক্ষ পিতৃক ৰাজহুৱা ভাবে মন্তব্য কৰাক লৈ নগাঁৱত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷
ডচন স্কুলৰ লগতে শিক্ষামন্ত্ৰীয়ে আন চাৰিখন বিদ্যালয়ো পৰিদৰ্শন কৰে ৷ নগাঁও বাঙ্গালী উচ্চত্বৰ মাধ্যমিক , বাঙ্গালী হাইস্কুল, বাঙ্গালী ছোৱালী আৰু বাঙ্গালী বালক এল পি স্কুল কেইখন পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰীয়ে ৷ পৰিদৰ্শন কালত মন্ত্ৰী পেগুয়ে আটাইকেইখন বিদ্যালয়কে একত্ৰিকৰন কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে নাগৰিক সভাৰ আলোচনাৰ মাজেৰে মিক্স-মেডিয়ামৰ মাধ্যমেৰে শিক্ষাদান কৰাত মন্ত্ৰীজনে গুৰুত্ব প্ৰদান কৰে ৷