অসম বিশ্ববিদ্যালয়ত বীৰ সম্বুধন ফংলোৰ মূৰ্ত্তি উন্মোচন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

ডিমাচা বীৰঙ্গনা জয়া থাওছেনৰ এটা মূৰ্ত্তি নিৰ্মাণৰ‌ বাবেও অৰ্থ মঞ্জুৰ কৰিব বুলি ঘোষণা মন্ত্ৰী ৰণোজ পেগুৰ। লগতে লক্ষীপুৰত ৰানী গাইডিনলিৰ নামত এটা সাংস্কৃতিক প্ৰেক্ষাগৃহ আৰু ধলাই সমষ্টিত জনজাতীয় ছাত্ৰী সকলৰ বাবে এটা হোষ্টেল নিৰ্মাণ কৰা হ'ব

author-image
Asomiya Pratidin
New Update
ggdfg

ডিজিটেল সংবাদ,শিলচৰ:  "এই বছৰ অসম বিশ্ববিদ্যালয়ত এটা বিশাল ট্ৰাইবেল হেৰিটেজ মিউজিয়াম স্থাপন কৰা হ'ব। য'ত, দেশৰ হকে আত্ম বলিদান দিয়া ভাৰতৰ সকলো জনজাতীয় বীৰ বীৰংগনাৰ মূৰ্ত্তি ৰখা হ'ব। এই মিউজিয়ামৰ খৰচ বহন‌ কৰিব ৰাজ্যৰ জনজাতি উন্নয়ণ পৰিক্ৰমা বিভাগে"- দেওবাৰে শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত স্বাধীনতা সংগ্ৰামী বীৰ সম্বুধন ফংলোৰ নৱ নিৰ্মিত মূৰ্ত্তি উন্মোচন কৰি এই ঘোষণা কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুই।

Advertisment

বৰ্মন ডিমাচা কছাৰী উন্নয়ণ পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা বীৰ সম্বুধন ফংলোৰ মূৰ্ত্তি উদ্বোধন উপলক্ষে অসম বিশ্ববিদ্যালয়ৰ বিপিন চন্দ্ৰ পাল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কয় যে, বিশ্ব বিদ্যালয়ত থকা স্বাধীনতা সংগ্ৰামী বীৰ সকলৰ সংগ্ৰহালয়টো পৰিদৰ্শন কৰি ট্ৰাইবেল হেৰিটেজ মিউজিয়ামটো নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়।

লগতে, ডিমাচা বীৰঙ্গনা জয়া থাওছেনৰ এটা মূৰ্ত্তি নিৰ্মাণৰ‌ বাবেও অৰ্থ মঞ্জুৰ কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী ৰণোজ পেগুই। সেইদৰে লক্ষীপুৰত ৰানী গাইডিনলিৰ নামত এটা সাংস্কৃতিক প্ৰেক্ষাগৃহ আৰু ধলাই সমষ্টিত জনজাতীয় ছাত্ৰী সকলৰ বাবে এটা হোষ্টেল নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।

এই অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, নন্দিতা গাৰ্লোছা, ধলাইৰ বিধায়ক নিহাৰঞ্জন দাস, আয়োজক বৰ্মন ডিমাচা কছাৰী উন্নয়ণ পৰিষদৰ বিষয় ববীয়া, অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ৰাজীব মোহন পন্ট, দিলীপ নুনিচা আকছাৰ উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থ সহ ডিমাচা সমাজৰ আটাইকেইটা সংগঠনৰ মুৰব্বী সকল উপস্থিত থাকে।

অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় আৰু নন্দিতা গাৰ্লোছা, উপাচাৰ্য সহ কেইবাগৰাকী বিশিষ্ট অতিথিয়ে ভাষণ প্ৰদান কৰে।  উপাচাৰ্য প্ৰফেছৰ ৰাজীব মোহন পন্টে তেওঁৰ ভাষণত কয় যে অসম বিশ্ববিদ্যালয়ৰ বাবে আজিৰ দিনতো এক ঐতিহাসিক দিন। এই দিনটোৰ বাবে দীৰ্ঘদিন অপেক্ষা কৰি থকাৰ পিচত আজি সপোন পূৰণ হ'ল। উল্লেখ্য যে, আজিৰ অনুষ্ঠানৰ‌ আদৰণি ভাষণ দিয়ে আয়োজক বৰ্মন ডিমাচা কছাৰী উন্নয়ণ পৰিষদৰ অধ্যক্ষ ৰূপেশ বৰ্মনে।

অসম বিশ্ববিদ্যালয়