সমষ্টিবাসীলৈ দিপাৱলীৰ উপহাৰ দিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে...

author-image
Asomiya Pratidin
New Update
সমষ্টিবাসীলৈ দিপাৱলীৰ উপহাৰ দিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে...

ranjit kumar das

ডিজিটেল সংবাদ বজালীঃ দীপাৱলী উপলক্ষে পাটাছাৰকুছি সমষ্টিবাসীলৈ কেবিনেট মন্ত্ৰী তথা বিধায়ক ৰণজিৎ কুমাৰ দাসে আগবঢ়াইছে বিশেষ উপহাৰ। অসম চৰকাৰৰ বিশ্ব বেংক সাহায্য পুঁজিৰ অধীনত ২০২১-২২ বৰ্ষৰ APART প্ৰকল্পৰ অনুমোদিত আঁচনিৰ দ্বাৰা পাটাছাৰকুছি সমষ্টিত তিনিটাকৈ পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

Advertisment

এই পথ নিৰ্মাণৰ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে, মানুহৰ ধাৰণা আছিল লোক নিৰ্মাণ বিভাগৰ দ্বাৰাহে ৰাস্তা ঘাটৰ কাম হয়,সেই ধাৰণা সলনি কৰি কৃষি বিভাগৰ দ্বাৰা ও পাটাছাৰকুছি সমষ্টিৰ ৰাস্তা ঘাটসমূহৰ অভাৱ দূৰ কৰিম।

উল্লেখ্য যে, শুভাৰম্ভ কৰা নিৰ্মীয়মান পথকেইটা হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী পথৰ পৰা কৰুণা পাঠকৰ বাসভৱনলৈকে মুঠ ০.৭৫০ কিঃমিঃ পথ ৷ গৰেমাৰী চ'কৰ পথৰ পৰা গৰেমাৰী গাঁৱলৈ মুঠ ০.৫২০ কিঃমিঃ পথ আৰু পাঠশালা ৰামপুৰ পথৰ সংলগ্ন গোবিন্দ ৰয়ৰ বাসভৱনৰ পৰা বনগাঁৱৰ ভগৱান গোস্বামীৰ বাসভৱনলৈকে মুঠ ০.৪০০ কিঃমিঃ পথ।

ranjit kumar das