/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-08/0wi05tlt/momo.jpg)
ডিজিটেল সংবাদ, বিহালীঃ আজি বিহালীৰ বৰগাংস্থিত কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয়ত প্ৰবীণ কংগ্ৰেছ নেতা ৰিপুন বৰাই এক সংবাদ মেল আয়োজন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই বিহালীৰ নিৰ্বাচনী প্ৰচাৰ সভাত উত্থাপন কৰা কেতবোৰ অভিযোগ খণ্ড কৰে৷
বিহালী নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাই ভাষণ প্ৰসঙ্গত বিহালী উপ নিৰ্বাচনত বিজেপি দলে চাহ জনগোষ্ঠীয় আদিবাসী প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থীত্ব দিছে বিপৰীতে চাহ জনগোষ্ঠীয় প্ৰাৰ্থী দিগন্ত ঘাটোৱালক হৰুৱাবলৈ কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈয়ে এমাহ ধৰি কেম্প পাতি আছে বুলি প্ৰকাশ কৰা বক্তৱ্য সন্দৰ্ভত কংগ্ৰেছ নেতা ৰিপুন বৰাই কয় যে, যদি বিজেপি দলৰ চাহ জনগোষ্ঠীৰ প্ৰতি ইমান দৰদ তেনেহ'লে যোৱা লোকসভা নিৰ্বাচন-২০২৪ত কংগ্ৰেছ দলে প্ৰক্ষেপ কৰা চাহ জনোগোষ্ঠী প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক হৰুৱাবলৈ কিয় উঠি পৰি লাগিছিল, সেইসময়ত চাহ জনগোষ্ঠী দৰদ ক'লৈ গৈছিল বুলি প্ৰশ্ন অৱতাৰণা কৰে৷
ৰিপুন বৰাই কয় যে, যদি চাহ জনগোষ্ঠীৰ প্ৰতি ইমান দৰদ আছে তেনেহ'লে চাহ জনগোষ্ঠীয় বিজেপি দলৰ পল্লৱলোচন দাসক লোকসভা নিৰ্বাচনত কিয় টিকট নিদিলে? যদি চাহ বাগিছাৰ প্ৰতি যদি ইমান দৰদ তেনেহলে ২০১৪ চনত বিজেপি দলে ঘোষণা কৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি অদ্যাপি কিয় ৩৫১ টকা নকৰিলে বুলি প্ৰশ্ন তুলি ধৰে৷ সংবাদ মেলত ৰিপুন বৰাই বিহালীৰ প্ৰাক্তণ বিধায়ক বৰ্তমানৰ শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তৰ বিৰূদ্ধে চাহ জনগোষ্ঠী শোষণৰ অভিযোগ উত্থাপন কৰি কয় যে, সাংসদ ৰঞ্জিত দত্তই ব্যক্তিগত বাগান গঢ়াৰ নামত চাহ জনগোষ্ঠীৰ শ্ৰমিক মাটি বলপূৰ্ৱক দখল কৰিছে৷
অসম প্ৰদেশ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভাপতি বিহালীৰ স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ সংবাদ মেল খনত ৰিপুন বৰাই অসমৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতহে গোৰ্খা সকলক ডি ভোটাৰ কৰিছিল বুলি অভিযোগ উত্থাপন কৰে৷ সংবাদ মেলত কংগ্ৰেছ নেতা ৰিপুন বৰাই কয় য়ে, বিহালী উপ নিৰ্বাচনত বিজেপি দলে গোৰ্খা লোকক প্ৰাৰ্থীত্ব দিয়া নাই বিপৰীতে ভোটৰ আশাত গোৰ্খাক দৰদ দেখুৱালে নহ’ব৷
কংগ্ৰেছ নেতা ৰিপুন বৰাই সংবাদ মেলত অভিযোগ কৰে যে, বিহালীত বিজেপি দলে বিহালীৰ গাঁওবুঢ়া ,আশা কৰ্মী, ভি ডি পি আদিক ভয় ভাবুকি দিছে৷ কংগ্ৰেছ দলত নিজৰ পিতৃৰ পৰিচয়ৰ বাহিৰে একো নাই বুলি মূখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত ৰিপুন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপিৰ নেতা সকলে বিয়া নপতাৰ বাবে আমিতো জগৰীয়া নহয় ৷ প্ৰাক্তণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে বিয়া নপতাৰ বাবে সন্তান হোৱা নাই ৷ তাৰ বাবে আমি কংগ্ৰেছ দল জগৰীয়া নহয় ৷