আইভেটিৰ সৰবৰহী যুৱক ৰঞ্জিত বৰাৰ অকাল বিয়োগ

নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী আইভেটি গাঁও নিৱাসী উদীয়মান যুৱক ৰঞ্জিত বৰা আৰু নাই। মঙলবাৰে নগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত মৃত্যু হয় তেওঁৰ।

author-image
Asomiya Pratidin
New Update
439

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী আইভেটি গাঁও নিৱাসী উদীয়মান যুৱক ৰঞ্জিত বৰা আৰু নাই। মঙলবাৰে নগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত মৃত্যু হয় তেওঁৰ।

২৮ বছৰীয়া ৰঞ্জিত বৰা বিগত কিছুমাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। সৰবৰহী, সমাজকৰ্মী, মৃদুভাষী যুৱকজনৰ অকাল মৃত্যুত বটদ্ৰৱা, ৰাইডঙীয়া, আইভেটি, নসত্র, কৰচোং সত্ৰ আদি অঞ্চলত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত যুৱকজনে পিতৃ-মাতৃ আৰু পৰিয়ালবৰ্গক ইহসংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা নগাঁও-বটদ্ৰৱা