/asomiyapratidin/media/media_files/2025/04/27/WbX05a4XntmYtMWc3Llp.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: বিজেপিক ভোট দিয়া মুছলমান ভোটাৰক কাফেৰৰ লগত তুলনা কৰি
শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসমৰ সনাতনী সমাজ ব্যৱস্থাক উপলুঙা কৰাৰ লগতে এনে তুলুঙা মন্তব্যৰে ৰাইজৰ দলৰ বিধায়কজনে ইছলাম ধর্মালম্বী লোকৰ আস্থাৰ ওপৰতো আঘাত হনা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাই মতপোষণ কৰিছে।
শ্রীশৰ্মাৰ মতে অখিল গগৈ আৰৱান নক্সাল, মৌলবাদী, মৌলবী আৰু ভাৰত বিৰোধী ৱাহাৱী চিন্তাৰে পৰিপুষ্ট এটি অৰাজকতত্ব। দিনৰ ভাগত প্রলাপ বকি মাজ নিশা ক্ষমা বিচৰাটো কোনো ৰাজনেতাৰ স্বভাৱ হ'ব নোৱাৰে। কিন্তু ৰাজনেতাৰ মুখাপিন্ধা অৰাজকতত্ব অখিল গগৈ এগৰাকী অস্থিৰ আৰু বিকৃত মানসিকতাৰ ব্যক্তি হোৱাৰ বাবেই এনেধৰণৰ বক্তব্য মাজে সময়ে কৈ থকাটো বিগত সময়ত ৰাজ্যবাসীয়ে প্রত্যক্ষ কৰিছে।
উল্লেখযোগ্য যে নির্বাচনী প্ৰচাৰ সভা এখনত অখিল গগৈয়ে বিজেপিক ভোট দিয়া মুছলমানক কাফেৰ আৰু বিজেপিক ভোট দিলে মুছলমানলোক নৰকলৈ যাব লাগিব বুলি মতপোষণ কৰিছিল। কিন্তু এই মন্তব্য দিয়াৰ কেইঘণ্টামানৰ পিছতেই শিৱসাগৰৰ বিধায়কজনে ক্ষমা বিচাৰি সামাজিক মাধ্যমত এটি ভিডি'অ সম্প্ৰচাৰ কৰে।
এনে দৰে ক্ষমা বিচৰাটো আদৰণীয় যদিও অখিলৰ আচৰণ সম্পূর্ণভাবে অসামাজিকতত্বৰে ভৰপূৰ বুলি উল্লেখ কৰি বাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাই ৰাজনৈতিক লোকচানৰ আশংকা কৰিহে বিধায়ক গগৈয়ে ক্ষমা বিচৰা বুলি মতপোষণ কৰে। শ্রী শৰ্মাৰ মতে নিজৰ ভোট বেংক তৈয়াৰ কৰাৰ স্বাৰ্থত অখিল গগৈয়ে অৰাজকতা বিয়পাই সমাজক ৰাজনৈতিকভাবে অস্থিৰ কৰাৰ প্ৰয়াস কৰে।
এনে অৰাজক প্রয়াসক সন্মিলিতভাবে প্রতিহত কৰাৰ প্রয়োজন সমাগত বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্রই কয় যে, বিজেপিক ভোট দিয়া মুছলমানক কাফেৰ বুলি কৈ অখিল গগৈয়ে দেশৰ নির্বাচনী ব্যৱস্থা, সাংবিধানিক কাঠামো আৰু জনসাধাৰণক ভোট প্রদান কৰাৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰাৰ প্রয়াস কৰিছে।
এনে আচৰণ সংবিধান বিৰোধী বুলি শ্রী শর্মাই কয়। ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাৰ মতে ভোটাৰক কাফেৰ বুলি কৈ অখিল গগৈয়ে অসমৰ জনসাধাৰণক অৱমাননা কৰিছে।