Advertisment

ৰে’লৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী দিল্লী

এক ইনিংছ আৰু ১৯ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰিছে দিল্লীয়ে। চলিত ৰঞ্জী ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত বিৰাট কোহলি, যশ ধুল, নৱদীপ চাইনি, আয়ুস বাদানি আদিৰে গঠিত দিল্লীয়ে ৰে’লৱেৰ বিৰুদ্ধে এই বিজয় সাৱ্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
ৰে’লৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী দিল্লী

ৰে’লৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী দিল্লী

ডিজিটেল ডেস্ক : এক ইনিংছ আৰু ১৯ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰিছে দিল্লীয়ে। চলিত ৰঞ্জী ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত বিৰাট কোহলি, যশ ধুল, নৱদীপ চাইনি, আয়ুস বাদানি আদিৰে গঠিত দিল্লীয়ে ৰে’লৱেৰ বিৰুদ্ধে এই বিজয় সাৱ্যস্ত কৰে।

Advertisment
ৰে’লৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী দিল্লী
ৰে’লৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী দিল্লী

 

উল্লেখ্য যে ৩০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মেচখনত পোনতে ৰে’লৱে বেট ধৰি সংগ্ৰহ কৰিছিল ২৪১ ৰান। ইয়াৰ পাছতে মেচৰ দ্বিতীয় দিনা নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰিছিল ঘৰুৱা দল দিল্লীয়ে। দিল্লীয়ে প্ৰথম ইনিংছত আয়ুস বাদানীৰ ৯৯ ৰান আৰু সুমিত মাথুৰৰ অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছিল ৩৭৪ ৰান। 

ৰে’লৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী দিল্লী
ৰে’লৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী দিল্লী

 

মেচখনৰ তৃতীয় দিনা ৰে’লৱে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিল্লীৰ বিধ্বংসী বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি বিপদত পৰে। অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনত আলহী দল ৰে’লৱে ১১৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। 

উল্লেখযোগ্য যে দিল্লীৰ এই বিজয়ত শিৱম শৰ্মাই নিৰ্ণায়ক ভূমিকা পালন কৰে। তেওঁ দখল কৰে ৫টা উইকেট।

virat kohli