ডিজিটেল সংবাদ,ধুবুৰীঃ বিলাসীপাৰাৰ সমীপৰ ৰাণীগঞ্জ বজাৰত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক কৰায়ত্ত কৰে। মঙলবাৰে ৰাতি এটা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল। আৰক্ষীয়ে গোটেই নিশা অভিযানৰ পিছত আজি দুজন যুৱকক কৰায়ত্ত কৰি শোধপোচ চলাই থকা বুলি জানিব পৰা গৈছে।
ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে শোধপোচ চলাই থকা যুৱকদ্বয় বিলাসীপৰা বেলতলীৰ নুৰ ইছলাম আৰু চাপৰ শালকোছাৰ আখতাৰ ওৰফে আব্বাছ বুলি আৰক্ষী অধীক্ষকে সদৰি কৰিছে। যুৱক দুজনৰ এটা মেগাজিন উদ্ধাৰ হোৱাৰ উপৰিও যোৱাকালিৰ ঘটনাত দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা মটৰ চাইকেলখন অঞ্চলটোৰ লক্ষীগঞ্জৰ শুক্লাটাৰীৰ পৰা উদ্ধাৰ কৰা বুলিও সদৰি কৰিছে আৰক্ষী অধীক্ষক সিঙে।
ইফালে নিশা ৭ মান বজাত মটৰ চাইকেলত অহা তিনি দুৰ্বৃত্তৰ দুজনে ৰাণীগঞ্জ বজাৰত থকা ভাৰতীয় ষ্টেট বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ(চি এছ পি)লৈ লক্ষ্য কৰি গুলীচালনা কৰে। ফলত কেন্দ্ৰটোৰ স্বত্বাধিকাৰী আবিদুৰ ৰহমান প্ৰধানীৰ লগতে সেই সময়ত সেৱা কেন্দ্ৰটোত থকা ৰতন ৰায় আৰু আব্দুল গফুৰ নামৰ দুজন লোকো গুলীবিদ্ধ হয়।এওঁলোকৰ ভিতৰত আবিদুৰ ৰহমান আৰু ৰতন ৰায়ৰ অৱস্থা সংকটজনক হোৱাত দুয়োৰে চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয়।
পিছত ৰতন ৰায়ক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়।আনজন ব্যক্তিৰ ভড়িত গুলীৰ আঘাত লাগিছে যদিও তেওঁ বিপদমুক্ত বুলি জানিবব পৰা যায়।গুলীচালনা কৰিয়েই দুৰ্বৃত্তৰ দলটোয়ে পলায়ন কৰে। ধুবুৰী আৰক্ষী অধীক্ষক খবৰ পোৱা মাত্ৰত ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখে।শেহতীয়াকৈ জানিব পৰা মতে, গুলীবিদ্ধ হোৱা সেই দুই গৰাকী ব্যক্তি বৰ্তমানে সুস্থিৰ অৱস্থাত আছে।