/asomiyapratidin/media/media_files/2025/03/25/lfBCU9hqTwWXQ9Fsl5RS.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ বাকৰিত মুখ্য সঞ্চালক ছিৰাজউদ্দিন আহমদৰ উদ্যোগত পৰম্পৰাগত গত ভাৱে ইছলাম ধৰ্মাৱলম্বী আৰু বহু হিন্দু লোকৰ উপস্থিতিৰে ইফতাৰ পালন কৰি আহিছে। আজি ৫ বাজি ৩৩ মিনিটত হোৱা লগে লগে প্ৰায় সাত শতাধিক লোকে ইফতাৰ গ্ৰহণ কৰে।
ইফতাৰ গ্ৰহণ কৰাৰ পাছতেই সকলোৱে নামাজ আদায় কৰে। নগাঁও ফালাহ গ্ৰুপ অফ ইনষ্টিটিউটৰ অধ্যক্ষ মুছাৰফ হোছেইন কবিৰে কয় প্ৰতি বছৰে ৰাঙলু গ্ৰাম বিকাশ পৰিষদত বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত সমূহীয়া ভাৱে নামাজ আদায় কৰি অহা হয় লগত ৰাঙলু অঞ্চলত হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ভাতৃত্ববোধ মৰম চেনেহৰ দ্বাৰা এখন সুস্থ সবল সমাজ গঢ়াৰ পৰিকল্পনাৰে এনেদৰে পবিত্ৰ ৰমজান মাহত ইফতাৰ পাৰ্টীৰ আয়োজন কৰা হয়। হিন্দু ইছলামৰ বিভেদহীন এই ইফতাৰ পাৰ্টীৰ জৰিয়তে সমন্বয়ৰ বাৰ্তা বহন কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।