Advertisment

ফুলনিৰ দেচয় টেৰণ গাঁৱত উলহ-মালহেৰে ৰংকেৰ পূজা উদযাপন

সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে ফুলনিৰ দেচয় টেৰণ গাঁৱতো দেওবাৰে উদযাপন কৰা হয় কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত পূজা "ৰংকেৰ ক্লাৰক্লি" অৰ্থাৎ ৰংকেৰ পূজা । এই পূজা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি আৰু বলি বিধানৰে সম্পন্ন কৰা হয়।

author-image
Asomiya Pratidin
New Update
puja celebration

puja celebration

ডিজিটেল সংবাদ, হাওৰাঘাট : সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে ফুলনিৰ দেচয় টেৰণ গাঁৱতো দেওবাৰে উদযাপন কৰা হয় কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত পূজা "ৰংকেৰ ক্লাৰক্লি" অৰ্থাৎ ৰংকেৰ পূজা । এই পূজা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি আৰু বলি বিধানৰে সম্পন্ন কৰা হয়।

Advertisment

উল্লেখ্য যে ৰংকেৰ পূজা হৈছে কাৰ্বি লোকসকলৰ এক কৃষি ভিত্তিক সমূহীয়া পূজা। কৃষি কাৰ্যত মংগল আৰু লাভজনক উৎপাদনৰ কামনা কৰাৰ লগতে গাঁৱখনৰ পৰা ৰোগ-ব্যাধি, অপায়-অমংগল , অপদেৱতাৰ কু-দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে কাৰ্বি পুৰোহিতৰ দ্বাৰা এই ৰংকেৰ পূজা উদযাপন কৰা হয় ।

 ৰংকেৰ উদযাপন
ৰংকেৰ উদযাপন

 

উক্ত দেচয় টেৰণ গাঁৱত উদযাপন কৰা ৰংকেৰ ক্লাৰক্লি অৰ্থাৎ ৰংকেৰ পূজাত পুৰোহিত হিচাপে উপস্থিত থাকি সহায় কৰে ক্ৰমে ৰাম টেৰণ, মাণিক টেৰণ, চাৰ্থে টেৰণ, বাবু টেৰণ, লক্ষণ টেৰণ, বাবু ফাংচ', বাবু টেৰাং, মাইছিং টেৰাঙে । আনহাতে পূজা ভাগি সম্পন্ন হোৱাৰ শেষত গাঁৱৰ সকলোৱে লগ লাগি এসাঁজ প্ৰীতি-ভোজৰ আয়োজন কৰে।

Haoraghat puja