হাওৰাঘাট তিনিআলিত ৰংজালী বৈশাগু উৎসৱৰ সফল সামৰণি

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক পৰ্যায়ৰ কেইবাটাও অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত আয়োজন কৰা ৰংজালী বৈশাগু উৎসৱৰ দেওবাৰে সফল সামৰণি পৰিছে

author-image
Asomiya Pratidin
New Update
বৈশাগু
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক পৰ্যায়ৰ কেইবাটাও অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত আয়োজন কৰা ৰংজালী বৈশাগু উৎসৱৰ দেওবাৰে সফল সামৰণি পৰিছে। উল্লেখযোগ্য যে, সংগঠনকেইটা হৈছে- এবছু , কছাৰী সমাজ , বড়ো সাহিত্য সভা , আবৌফ , দুলাৰায় বড়ো হাৰিমু আফাদ আৰু গাঁওবুঢ়া সন্থা , প্ৰাক্তন বি এল টি কল্যাণ পৰিষদ, প্ৰাক্তন এন ডি এফ বি আদি। 
এই আটাইকেইটা সংগঠনৰ যৌথ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবেলিও ২৬ আৰু ২৭ এপ্ৰিল এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ২১ সংখ্যক ৰংজালী বৈশাগু উৎসৱৰ দেওবাৰে সফল সামৰণি পৰিছে । পশ্চিম চূণপোৰা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত মাৰাথন দৌৰ  প্ৰতিযোগিতা আৰু বিভিন্ন পৰম্পৰাগত খেল- ধেমালি অনুষ্ঠিত কৰা হয় । 
অনুষ্ঠানৰ লগত সংগতি ৰাখি দুপৰীয়া মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে গোলাপ বাগলাৰীয়ে । 
সভা উদ্বোধন কৰে পুষ্প খাখলাৰীয়ে । মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰধান শিক্ষক তথা লেখক অজিত বসুমতাৰীয়ে । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জিলা এবছুৰ প্ৰাক্তন সম্পাদক অমল বসুমতাৰী । 
সভাত অধ্যাপিকা ৰাধিকা বসুমতাৰী, চিকিৎসক ছাইখ বসুমতাৰী, পবিত্ৰ ব্ৰহ্মকে প্ৰমুখ্যে কৰি ভালেসংখ্যক বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে । সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে কৰ্মশ্ৰী বঁটাপ্ৰাপক তথা জনপ্ৰিয় কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীয়ে ।
হাওৰাঘাট