ৰঙিয়াত শতবৰ্ষীয় ঝুলন যাত্ৰা মহোৎসৱ...

ৰঙিয়াত শতবৰ্ষীয় ঝুলন যাত্ৰা মহোৎসৱ...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত শতবৰ্ষীয় ঝুলন যাত্ৰা মহোৎসৱ...

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াত মঙলবাৰে পৰা শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত বাৰোৱাৰী ঝুলন যাত্ৰা মহোৎসৱ অনুষ্ঠিত হ'ব। ১৩আগষ্টৰ পৰা ১৯আগষ্টলৈ সাদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া ঝুলন যাত্ৰা মহোৎসৱত প্ৰথম দিনা ১০ বজাত ধৰ্মধব্বজা উত্তোলন কৰিব শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ মহেশ চিকাৰীয়াই। আবেলি ৫:৩০ বজাত প্ৰদৰ্শনী দ্বাৰ উন্মোচনত উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া।

Advertisment

ইয়াৰ পিছতে সন্ধিয়া ৬:৩০ বজাত কাৰ্যালয় মুকলি কৰিব বিধায়ক ভৱেশ কলিতাই। দ্বিতীয় দিনা অৰ্থাৎ ১৪ আগষ্টৰ আবেলি ৫:৩০ বজাত বন্তি প্ৰজ্বলন কৰিব পৌৰপতি অমৰেন্দ্ৰ লহকৰে। তাৰপিছতে কাৰ্যসূচী অনুসৰি ১৫ আগষ্টত ঝুলন যাত্ৰাৰ আবেলি বন্তি প্ৰজ্বলনত উপস্থিত থাকিব অসম চৰকাৰৰ সংযুক্ত সচিব মনোজ চিকাৰীয়াকে ধৰি ১৬ আগষ্টত বন্তি প্ৰজ্বলন কৰিব পাঠশালাৰ ৰাজকুমাৰ জালানে।

আনহাতে ১৭ আগষ্টৰ আবেলি ৫:৩০ বজাত বন্তি প্ৰজ্বলনত প্ৰজ্বলক হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ ৰবি আগৰৱালে আৰু সন্ধিয়া দৰঙৰ কুসুম দেৱীয়ে মহিলা নাগাৰা নাম পৰিৱেশন কৰিব। ইফালে ১৮ আগষ্টত বন্তি প্ৰজ্বলন আৰু ১৯ আগষ্টত বন্তি প্ৰজ্বলন আৰু নিশা সমাপন সমাৰোহেৰে ঝুলন যাত্ৰাৰ সামৰণি পৰিব বুলি পৰিচালনা সমিতিৰ সভাপতি মহেশ চিকাৰীয়া আৰু সম্পাদক প্ৰমোদ আগৰৱালাই জনায়।

উল্লেখ্য যে ঝুলন যাত্ৰাৰ এইবৰ্ষত শতবৰ্ষ অতিক্ৰম কৰাৰ বাবে সকলো মৃণ্ময় মূৰ্তিসমূহত অত্যাধুনিক বৈদ্যুতিক সাজ সজ্জাৰে সাজু কৰি তোলা হৈছে। লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এক মৃণ্ময় মূৰ্তি বিশেষ আকৰ্ষণ হিচাপে ঝুলন যাত্ৰা মহোৎসৱত প্ৰদৰ্শিত কৰা হৈছে।

rangiya