ৰঙিয়াত স্কৰ'পিঅ' বাহনৰ খুন্দাত আহত এজন

ৰঙিয়াত স্কৰ'পিঅ' বাহনৰ খুন্দাত আহত এজন

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সীতাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখী তীব্ৰবেগী স্কৰ'পিঅ' বাহনে দুখনকৈ ই-ৰিক্সা সহ এখন বাইকত খুন্দিয়াই পলায়ন কৰে।

দুৰ্ঘটনাৰ ফলত গুৰুতৰভাবে আহত হয় ৰঙিয়াৰ বিহাপাৰাৰ তাৰিফুল আলী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকজনক লগে লগে উদ্ধাৰ কৰি ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে উক্ত ঘটনাত বাইক আৰোহীজন সৌভাগ্য ক্ৰমে ৰক্ষা পৰে।

ৰঙিয়াত স্কৰ'পিঅ' বাহনৰ খুন্দাত আহত এজন
সুখচৰৰ নাককাটিত সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in