Advertisment

অৱশেষত সন্ধান ওলাল বনভোজলৈ গৈ নিৰুদ্দেশ হোৱা ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথৰ...

২৫ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত এটা পুখুৰীত উদ্ধাৰ কৰা হৈছে । ২৯ ডিচেম্বৰত যুৱকজনৰ নিৰুদ্দেশৰ লগত জড়িত থকাৰ সন্দেহত দুজন যুৱকক আটক কৰিছিল আৰক্ষীয়ে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ৰঙিয়াঃ  নিৰুদ্দেশ হোৱাৰ ৫ দিনৰ পিছত সন্ধান ওলাল ৰঙিয়াৰ যুৱক ধৰ্মেন্দ্ৰ নাথৰ । সোমবাৰে এটা পুখুৰীত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ।

Advertisment

উল্লেখযোগ্য যে ২৫ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত এটা পুখুৰীত উদ্ধাৰ কৰা হৈছে । ২৯ ডিচেম্বৰত যুৱকজনৰ নিৰুদ্দেশৰ লগত জড়িত থকাৰ সন্দেহত দুজন যুৱকক আটক কৰিছিল আৰক্ষীয়ে ।

ইয়াৰ পূৰ্বে যুৱকজনৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ।  সোমবাৰে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

যুৱক সন্ধানহীন ৰঙিয়া