/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-17/yjotd6pr/lolo.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ অসমৰ দ্বিতীয় বিশ্বকৰ্মা মন্দিৰ হিচাপে পৰিচিত আৰু ১৯৭৪ চনত স্থাপিত ৰঙিয়া তিনিআলিত থকা ঐতিহ্যমণ্ডিত ৰঙিয়া বাৰোৱাৰী শ্ৰীশ্ৰী বিশ্বকৰ্মা নৱনিৰ্মিত আটকধুনীয়া মন্দিৰটি আজি শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ পবিত্ৰ দিনটোত তথা মন্দিৰৰ সোণালী জয়ন্তী বর্ষৰ দিনটোত ভক্তপ্ৰাণ ৰাইজৰ সেৱাৰ্থে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হয় ।
আজিৰ এই শুভ দিনটোতে নৱ নিৰ্মিত মন্দিৰত ধৰ্মীয় ৰীতি নিয়মৰ মাজৰে বেদীৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়তো অংশগ্ৰহণ কৰি প্ৰভু শ্ৰীশ্ৰী বিশ্বকৰ্মা শ্ৰী চৰণত ৰাইজৰ মঙলাৰ্থে সেৱা জনাই বিধায়ক ভৱেশ কলিতাই ফিটা কাটি মুকলি কৰে। স্থানীয় বিধায়ক গৰাকীয়ে সকলোকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জনাই এই নৱনিৰ্মিত বিশ্বকৰ্মা মন্দিৰে ৰাইজলৈ শুভ বাৰ্তা কঢ়িয়াই আনক বুলি উল্লেখ কৰে।
ইয়াৰে পিছতে এই মন্দিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত কিছু স্থানীয় জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। আনহাতে দিনৰ ভাগত বিশ্বকৰ্মা মন্দিৰত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পূজা অৰ্চনা কৰাৰ বাবে অলেখ ভক্তই সেৱা গ্ৰহণ কৰে। সন্ধিয়া ভাগত নাগাৰা নাম পৰিৱেশন আৰু আমন্ত্ৰিত কণ্ঠশিল্পীৰ সংগীতৰ পৰিবেশনেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us