/asomiyapratidin/media/media_files/2025/07/07/vbcvcvc-2025-07-07-21-47-01.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা ৰঙিয়াত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। সেই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল দিগন্ত কলিতা নামৰ ৪৩ বছৰীয়া এজন ব্যক্তিৰ। সাধাৰণ কাম কৰি জীৱন নিৰ্বাহ কৰা দিগন্ত কলিতাক ততাতয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসাত ভৰ্তি কৰা হৈছিল।
পিছে সোমবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ যায়। তেওঁৰ মৃত্যুত সমগ্ৰ নুনমাটি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে।