জয়ন্ত মল্লৰ পদত্যাগ বিচাৰোঃ ৰঙিয়াত মন্ত্ৰী জয়ন্ত মল্লৰ পুত্তলিকা দাহ...

বিতৰ্কৰ কেন্দ্ৰবিন্দুত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকাধীন এখন দুগ্ধ ফাৰ্ম, যিয়ে চৰকাৰী আঁচনিৰ জৰিয়তে প্ৰায় ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ৰঙিয়াঃ   ৰঙিয়া নগৰত ৰাজনৈতিক উত্তেজনাই চৰম ৰূপ ধাৰণ কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে জড়িত দুগ্ধ ফাৰ্মৰ ৰাজসাহায্য আৰু গীৰ গাই চুৰিৰ অভিযোগৰ বিতৰ্কই এতিয়া ৰাজপথত প্ৰতিবাদৰ জুই জ্বলাইছে। সোমবাৰে ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা শতাধিক প্ৰতিবাদকাৰী একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছে।

Advertisment

চৰকাৰ বিৰোধী শ্লোগানেৰে ৰঙিয়া নগৰৰ প্ৰধান পথসমূহ উত্তাল হৈ পৰিছে। প্ৰতিবাদকাৰীসকলে ৰঙিয়াৰ হাইৱে চকত উপস্থিত হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা দাহ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে এই বিতৰ্কৰ স্বচ্ছ তদন্তৰ দাবী জনাইছে আৰু অভিযোগৰ সৈতে জড়িত মন্ত্ৰীক তদন্তৰ আওঁতাত আনিবলৈ চৰকাৰক দাবী জনাইছে।

 প্ৰতিবাদকাৰীসকলৰ মতে, ৰাজ্যৰ দুগ্ধ উৎপাদনৰ বাবে প্ৰৱৰ্তিত চৰকাৰী আঁচনিৰ অধীনত সাধাৰণ জনতাক বঞ্চিত কৰি মন্ত্ৰীৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠজনৰ প্ৰতি পক্ষপাতমূলকভাৱে ৰাজসাহায্য প্ৰদান কৰা হৈছে। ইয়াৰোপৰি গৰুখুটি প্ৰকল্পৰ অধীনত গীৰ গাইৰ সৰবৰাহৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।

বিতৰ্কৰ কেন্দ্ৰবিন্দুত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকাধীন এখন দুগ্ধ ফাৰ্ম, যিয়ে চৰকাৰী আঁচনিৰ জৰিয়তে প্ৰায় ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। এই আঁচনিৰ সুবিধা সাধাৰণ কৃষকৰ পৰিৱৰ্তে ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তিৰ পৰিয়ালৰ হাতলৈ গৈছে।

ইয়াৰ সমান্তৰালভাৱে, গৰুখুটি প্ৰকল্পৰ ৩০০ গীৰ গাইৰ ভিতৰৰ ৯০ টা গাই বিক্ৰীৰ ক্ষেত্ৰতো স্বচ্ছতাৰ অভাৱৰ অভিযোগ উত্থাপিত হৈছে । ৰঙিয়াৰ মুল পথসমূহত প্ৰতিবাদীসকলৰ শ্লোগানেৰে বতাহ গৰম হৈ পৰিছিল। জয়ন্ত মল্লৰ পদত্যাগ বিচাৰো, চৰকাৰী তহবিলৰ অপব্যৱহাৰ বন্ধ কৰক আৰু ন্যায়ৰ বাবে তদন্ত কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

হাইৱে চকত পুত্তলিকা দাহৰ সময়ত প্ৰতিবাদকাৰীসকলে মন্ত্ৰীৰ বিৰুদ্ধে ৰাজহুৱা তহবিলৰ অপব্যৱহাৰ আৰু ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ উত্থাপন কৰে। আনহাতে এই সকলো অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাবী কৰিছে যে তেওঁৰ পত্নীৰ দুগ্ধ ফাৰ্মে প্ৰাপ্ত ৰাজসাহায্য সম্পূৰ্ণৰূপে স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে লাভ কৰিছে ।

 তেওঁৰ মতে, এই আঁচনি সকলো যোগ্য প্ৰাৰ্থীৰ বাবে মুকলি আছিল আৰু তেওঁৰ পৰিয়ালে কোনো বিশেষ সুবিধা গ্ৰহণ কৰা নাই। গীৰ গাইৰ বিক্ৰীৰ ক্ষেত্ৰতো তেওঁ স্বচ্ছ বেংকিং প্ৰক্ৰিয়াৰ জৰিয়তে ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছে । তথাপিও, এই বিতৰ্কই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশক উত্তপ্ত কৰি তুলিছে। জনতাৰ ক্ষোভ আৰু ৰাজনৈতিক বিতৰ্কৰ মাজত এই ঘটনাৰ পৰৱৰ্তী পৰিণতি কি হ’ব, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ।

ৰঙিয়া জয়ন্ত মল্লবৰুৱা