ৰঙিয়া বিধনসভা সমষ্টিত কংগ্ৰেছৰ ব্যাপক সাংগঠনিক তৎপৰতা

দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা দলটোক উদ্ধাৰত নামি পৰিছে কংগ্ৰেছৰ নেতৃত্ব। দলটোৰ নৱ নিযুক্ত সম্পাদক প্ৰশান্ত কুমাৰ মহন্তৰ নেতৃত্বত নিশাৰ ভাগত ঘৰে ঘৰে গৈ আৰম্ভ কৰিছে ব্যাপক সাংগঠনিক তৎপৰতা।

author-image
Asomiya Pratidin
New Update
KKKKK

ডিজিটেল সংবাদ, হাজোঃ ২৬ৰ বিধানসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে বিৰোধী দল কংগ্ৰেছে। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছৰে পৰা দলটোৰ মাজত দেখা দিছে ব্যাপক তৎপৰতা। 

Advertisment

দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা দলটোক উদ্ধাৰত নামি পৰিছে কংগ্ৰেছৰ নেতৃত্ব। ৰঙিয়াত দলটোৰ নৱ নিযুক্ত সম্পাদক প্ৰশান্ত কুমাৰ মহন্তৰ নেতৃত্বত নিশাৰ ভাগত ঘৰে ঘৰে গৈ আৰম্ভ কৰিছে ব্যাপক সাংগঠনিক তৎপৰতা। উল্লেখযোগ্য যে, বিগত সময়ত সাংগঠনিক ভেটি নথকাৰ পিছতো পঞ্চায়ত নিৰ্বাচনত ব্যাপক ভোট লাভ কৰিছিল কংগ্ৰেছ দলে। সেয়েহে শক্তিশালী কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ লক্ষ্যৰে এনেদৰে কংগ্ৰেছৰ নেতৃত্ব নামি পৰা দেখিবলৈ পোৱা গৈছে।

কংগ্ৰেছ ৰঙিয়া