/asomiyapratidin/media/media_files/2025/06/24/rangghar-flood-2025-06-24-15-00-33.jpeg)
ডিজিটেল ডেস্কঃ এজাক বৰষুণৰ পিছতে সোমবাৰে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ কৃত্ৰিম বানৰ কবলত পৰাৰ পিছতে বিষয়টোক লৈ সৰৱ হৈছিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ। তেওঁ কৃত্ৰিম বানৰ কবলত পৰা ৰংঘৰৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছিল।
তাৰ পিছতেই এতিয়া বিধায়ক অখিল গগৈক উভতি ধৰিছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই। তেওঁ বিধায়ক অখিল গগৈক সকলো বিষয় ৰাজনীতিকৰণ কৰাৰ প্ৰয়োজন নাই বুলিও সোঁৱৰাই দিছে আৰু সামাজিক মাধ্যমত অৰ্ধ সত্য বা বিভ্ৰান্তিকৰ তথ্য বিয়পোৱা অনুচিত বুলিও কয়।
উল্লেখ্য যে, বিধায়ক অখিল গগৈয়ে তেওঁৰ সামাজিক পোষ্টত লিখিছিল, ‘’আকৌ ৰংঘৰ আৰু শিৱসাগৰ নগৰত কৃত্ৰিম বানপানী হ’ল। মোৰ অনুৰোধত এই সন্দৰ্ভত ডিব্ৰুগড়ৰ অসম কেবিনেটত এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল। মই এই সন্দৰ্ভত তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক দুবাৰ কৈছিলো আৰু জলসম্পদ বিভাগৰ নেতৃত্বত কৰা বাবে জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক কেইবাবাৰো অনুৰোধ কৰিছিলোঁ। কিন্তু চৰকাৰে একোকে নকৰিলে।এটা কেবিনেট সিদ্ধান্ত এনেধৰণে পৰি থাকে বুলি ভাবিবকে নোৱাৰি!’’
গগৈয়ে আৰু লিখিছে, ‘’আমি, বিশেষকৈ চৰকাৰ এখনে, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় ঐতিহাসিক সম্পদ এটাক আৰু আটাইতকৈ ঐতিহ্যপূৰ্ণ নগৰ এখনকে যদি বচাব নোৱাৰে অথবা বচোৱাৰ আন্তৰিকতা নাই, তেনে এখন চৰকাৰৰ উপযোগিতা ক’ত? মই এজন বিৰোধী বিধায়ক। মই চৰকাৰক অনুৰোধহে কৰিব পাৰোঁ, চৰকাৰৰ জাতিৰ প্ৰতি দায়ৱদ্ধতা নাথাকিলে কি কৰিব পাৰো? চৰকাৰৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীক সমষ্টিৰ স্বাৰ্থত সাক্ষাৎ কৰিবলৈ গ’লেও কিছুমান মানুহ সমালোচনা কৰিবলৈ জঁপিয়াই পৰে!’’
বিধায়ক অখিল গগৈৰ এই পোষ্টৰ পিছতে আজি মন্ত্ৰী পীযুষ হাজৰীকাই তেওঁৰ ফেচবুক একাউণ্টত ৰংঘৰৰ সোমবাৰৰ দুখন ফটো আপলোড কৰি লিখিছে, ‘’সকলো বিষয় ৰাজনীতিকৰণ কৰাৰ প্ৰয়োজন নাই— এই কথা মাননীয় বিধায়ক শ্ৰী অখিল গগৈয়ে অনুভৱ কৰা উচিত। ৰংঘৰ আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীকস্বৰূপ। এই সন্দৰ্ভত অৰ্ধ সত্য বা বিভ্ৰান্তিকৰ তথ্য বিয়পোৱা একেবাৰে অনুচিত।''
তেওঁ লিখিছে, ''গগৈ ডাঙৰীয়াৰ লগতে অসমবাসীৰ জ্ঞাতাৰ্থে ৰংঘৰৰ বাকৰিৰ কালি পুৱা আৰু বিয়লিৰ কিছু ছবি আগবঢ়াইছোঁ। প্ৰবল বৃষ্টিপাতৰ পাছতো ৰংঘৰ বাকৰিত জমা হোৱা পানী নিৰ্গমনৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে। অস্থায়ীভাৱে গ্ৰহণ কৰা পদক্ষেপৰ ফলত বিয়লি ২ বজাৰ ভিতৰতে জমা হোৱা পানী ৰংঘৰ বাকৰিৰ পৰা ওলাই গৈছিল। পোষ্টত সংলগ্ন ছবিবোৰ চালেই এই কথা স্পষ্ট হৈ পৰে। বাৰিষাকালৰ পাছত আমি এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা হাতত ল'ম। আহোম যুগৰ লগতে অসমৰ প্ৰতিটো ঐতিহ্য সুৰক্ষিত কৰাৰ প্ৰতি আমাৰ চৰকাৰ সদায় দায়বদ্ধ।''