ৰঙাপৰা সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহৰ অনুমোদন পত্ৰ প্ৰদান

ৰঙাপৰা সমষ্টিতো ৪ হাজাৰ ৯৩ টা পৰিয়ালক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীয়ে।

author-image
Asomiya Pratidin
New Update
440

ডিজিটেল সংবাদ, জামুগুৰিহাট : মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সমগ্ৰ অসমৰ ৩,২৫,২৪৩ টা পৰিয়ালক গৃহ প্ৰদান শুভাৰম্ভ কৰে। সমান্তৰালকৈ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিতো ৪ হাজাৰ ৯৩ টা পৰিয়ালক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে।

ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহবাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান  অনুষ্ঠানটি।

ৰঙাপৰা