ৰঙাপৰাত ৰে'লৰ খুন্দাত প্ৰাণ গ'ল এজনৰ

বৃহস্পতিবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছিল লোকজন ৷  ৰঙাপৰাৰ ঠাকুৰবাৰী ৰে'লৱে ষ্টেচনৰ কিছু নিলগত ৰে'লপথৰ কাষৰ হাবিত আজি বিয়লি উদ্ধাৰ হয় লোকজনৰ মৃত্যুদেহ ৷

author-image
Asomiya Pratidin
New Update
rangapara web

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰাত ৰে'লৰ খুন্দাত প্ৰাণ গ’ল এজনৰ ৷ ৰঙাপৰা -ডেকাৰগাঁও অভিমুখী যাত্ৰীবাহী ৰে'লৰ খুন্দাত বৰছলাৰ বিশকুটি গাঁৱৰ কমৰুদ্দিন আলি নামৰ লোক নিহত হয় ৷

বৃহস্পতিবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছিল লোকজন ৷  ৰঙাপৰাৰ ঠাকুৰবাৰী ৰে'লৱে ষ্টেচনৰ কিছু নিলগত ৰে'লপথৰ কাষৰ হাবিত আজি বিয়লি উদ্ধাৰ হয় লোকজনৰ মৃত্যুদেহ ৷

স্থানীয় ৰাইজে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছত ৰে'লৱে আৰক্ষীক খবৰ দিয়ে ৷ ৰঙাপৰাৰ মুন্না আনচাৰী নামৰ লোকজনৰ মাটিত দীৰ্ঘদিন ধৰি  খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিছিল লোকজনে ৷ 

ৰঙাপৰা