/asomiyapratidin/media/media_files/2025/07/16/cbbbbbbbb-2025-07-16-11-54-20.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ এক অংশ বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ৰঙাপৰা-তাৰাজুলি উৰহীলগা সংযোগী পথৰ এটা অংশ খহাই নিয়াৰ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ পথচোৱা বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজ অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
উৰহীলগা, তাৰাজুলি, যোগীবিল আদিকে ধৰি কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ পথচোৱাৰ এটা অংশ এনেদৰে উটুৱাই নিয়াত ৰাইজ শংকিত হৈ পৰিছে ৷ নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত খহি পৰিছে এই পথচোৱা ৷ যাৰবাবে স্থানীয় ৰাইজে বন্ধ কৰি দিছে পথটো ৷ ইফালে ৰাইজে আতিশীঘ্ৰে পথচোৱা মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক দাবী জনাইছে ৷